২০ বছৰীয়া ল'ৰা এটাই ইমান ডাঙৰ অপৰাধ কেনেকৈ কৰিব? ৰাজ সন্দৰ্ভত আৰু কি ক'লে মাতৃয়ে...

"মোৰ ভাইটি আৰু সোণম কেৱল মালিকপক্ষ আৰু কৰ্মচাৰী হিচাপেহে সম্পৰ্ক ৰাখিছিল। লগতে কয় যে, তেওঁ সোণমক 'দিদি' বুলি সম্বোধন কৰিছিল, আনহাতে তাই তেওঁক 'ভাইয়া' বুলি মাতিছিল।"

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
xg

ডিজিটেল ডেস্কঃ  ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ পত্নী সোণমৰ সৈতে মিলি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰাজ কুশৱাহাৰ মাতৃয়ে মঙলবাৰে নিজৰ পুত্ৰক নিৰ্দোষী বুলি দাবী কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজৰ মাতৃ চুন্নী দেৱীয়ে কয় যে, ৰাজাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লৈ ঘৰলৈ উভতি অহাৰ সময়ত শোকক ভাঙি পৰিছিল পুত্ৰ ৰাজ।

ইন্দোৰ আৰক্ষীয়ে জনোৱা মতে, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কুশৱাহাই ইন্দোৰৰ গোবিন্দ নগৰৰ অন্তৰ্গত খাৰচা অঞ্চলৰ বাসিন্দা সোণমৰ পৰিয়ালৰ মালিকানাধীন ফাৰ্নিচাৰ শ্বীট ইউনিটত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।মূলতঃ উত্তৰ প্ৰদেশৰ কুশৱাহাই মাতৃ আৰু তিনিগৰাকী ভগ্নীৰ সৈতে ইন্দোৰৰ এটা সৰু ভাড়াঘৰত বাস কৰিছিল। ইফালে সোণমে পিতৃ পৰিয়ালৰ ব্যৱসায় চোৱাচিতা কৰিছিল। 

চুন্নী দেৱীয়ে পুত্ৰ সন্দৰ্ভত কান্দি কান্দি কয় যে, "মোৰ ল'ৰাটো নিৰ্দোষী। ২০ বছৰীয়া ল'ৰা এটাই ইমান ডাঙৰ অপৰাধ কেনেকৈ কৰিব? মোৰ স্বামীৰ মৃত্যুৰ পিছত ৰাজ একমাত্ৰ জীৱিকাৰ সম্বল।" তাৰোপৰি ৰাজা ৰঘুবংশীৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই ৰাজা শোকত ভাঙি পৰিছিল লগতে ৰাজাৰ অন্ত্যেষ্টিক্ৰিয়াতো অংশগ্ৰহণ কৰা বুলি দাবী কৰে ৰাজৰ মাতৃয়ে।

লগতে তেওঁ কয়, "অন্ত্যেষ্টিক্ৰিয়াৰ পৰা ঘৰলৈ অহা পিছত ৰাজে অত্যন্ত দুখ প্ৰকাশ কৰিছিল, মই তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰিছিলো।" কুশৱাহাৰ কনিষ্ঠ ভগ্নী সুহানীয়েও জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগক মিছা বুলি দাবী কৰে।

সোণম আৰু ভাতৃৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি প্ৰকাশ পোৱা খবৰ মিছা বুলি ৰোৱা লগতে সুহানীয়ে কয়, "মোৰ ভাইটি আৰু সোণম কেৱল মালিকপক্ষ আৰু কৰ্মচাৰী হিচাপেহে সম্পৰ্ক ৰাখিছিল। লগতে কয় যে, তেওঁ সোণমক 'দিদি' বুলি সম্বোধন কৰিছিল, আনহাতে তাই তেওঁক 'ভাইয়া' বুলি মাতিছিল।"

ইফালে সোণমৰ পিতৃ দেৱী সিং ৰঘুবংশীয়েও কন্যাক অপবাদ দিয়াৰ চেষ্টা কৰা বুলি ক্ষোভ উজাৰিছে। তেওঁ কয় যে, "মোৰ কন্যা নিৰ্দোষী। মেঘালয় আৰক্ষীয়ে সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি বিষয়টোৰ সঠিক তদন্ত কৰা নাই। কুশৱাহা আৰু সোণমৰ সম্পৰ্কক ভুলকৈ স্থাপন কৰা হৈছে। মেঘালয় আৰক্ষীয়ে মোৰ ছোৱালীজনীৰ ওপৰত মিছা অভিযোগ উত্থাপন কৰিছে। মই মেঘালয় আৰক্ষীলৈ আইনী জাননী প্ৰেৰণ কৰিম"।

ৰাজা ৰঘুবংশী মেঘালয়