ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ৰ বাবে দলৰ প্ৰচাৰত যোগদান কৰিব।

author-image
Asomiya Pratidin
New Update
ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে

rahul gandhi

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ৰ বাবে দলৰ প্ৰচাৰত যোগদান কৰিব। গান্ধীয়ে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা বিৰতি লৈ গুজৰাটত দলৰ হৈ প্ৰচাৰ চলাব।

Advertisment

কংগ্ৰেছ নেতা গৰাকীয়ে ২২ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। উল্লেখ্য যে গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৰাহুলৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল। পৰা ৰাহুল গান্ধীৰ দূৰত্বক লৈ নিৰন্তৰ প্ৰশ্ন উত্থাপিত হৈ আছিল। হিমাচল প্ৰদেশত ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে। এতিয়া ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গুজৰাটলৈ যোৱাৰ সিদ্ধান্ত লৈছে।

ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিক বাধা দিবলৈ দলৰ প্ৰচাৰত সক্ৰিয় ভূমিকা পালন কৰিছিল। অন্যহাতে এইবাৰৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে বিজেপিৰ লগতে কংগ্ৰেছকো প্ৰত্যাহ্বান জনাইছে। গুজৰাটত আপৰ বৰ্ধিত শক্তিক কংগ্ৰেছৰ বিকল্প হিচাপে দেখা গৈছে যাৰ বাবে হয়তো ৰাহুলে এতিয়া প্ৰচাৰত ভাগ ল'ব।

উল্লেখ্য যে, গুজৰাট বিধান সভা নিৰ্বাচন দুটা পৰ্যায়ত ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। লগতে ফলাফল ঘোষণা হ'ব ৮ ডিচেম্বৰত।

আৰু পঢ়ক: বিজেপিৰ ব্লু প্ৰিন্টৰ আগত তিষ্টি থাকিব পাৰিবনে কংগ্ৰেছ ?

rahul gandhi gujarat congress