বিজেপিৰ ব্লু প্ৰিন্টৰ আগত তিষ্টি থাকিব পাৰিবনে কংগ্ৰেছ ?

বিজেপিৰ ব্লু প্ৰিন্টৰ আগত তিষ্টি থাকিব পাৰিবনে কংগ্ৰেছ ?

বৰষা শৰ্মা

কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন। ২০ বছৰ পাছত কংগ্ৰেছে নতুন সভাপতি হিচাপে লাভ কৰিছিল মাল্লিকাৰ্জুন খাৰ্গে। এই নিৰ্বাচনত খাৰ্গেৰ বিৰুদ্ধে দেখা গৈছিল কংগ্ৰেছৰ বিশিষ্ট নেতা শশী থাৰুৰ।

কংগ্ৰেছৰ এই নিৰ্বাচন আলোচনাৰ শীৰ্ষত আছিল। কিয়নো বহু সমালোচনাৰ পাছত কংগ্ৰেছে নিৰ্বাচন পাতিবলৈ সাজু হৈছিল আৰু গান্ধীৰ পৰিয়ালৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল।

নিৰ্বাচনৰ ফলাফলৰ পাছতেই থাৰুৰে শুভেচ্ছা জ্ঞাপন কৰিছিল আৰু পৰাজয় স্বীকাৰ কৰি লৈছিল। কিন্তু নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো দলটোত বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হোৱা নাই। মালিকাৰ্জুন খাৰ্গে ওকালতিয়ে কৰি আছে গান্ধী পৰিয়ালক।

এই সময়চোৱাত কংগ্ৰেছত নেতা ৰাহুল গান্ধী আছে ''ভাৰত জোড়ো যাত্ৰা''ত। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চলিছে এই যাত্ৰা। ৰাহুল গান্ধীৰ এই পদক্ষেপে কংগ্ৰেছৰ যে ভাল দিন ঘূৰাই আনিব পাৰিব সেয়া এতিয়াই কব পৰা নাযায়। অৱশ্যে ৰাজনৈতিক দিশত বিশেষ ভাৱে পৰিপক্ক নহলেও কংগ্ৰেছৰ সভাপতিৰ মতে দেশত কেৱল গান্ধীয়ে আছে যি প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনাব পাৰে।

কিন্তু এই ভাৰত জোড়ো যাত্ৰাৰ মাজতে কংগ্ৰেছত খহনীয়া হোৱাও পৰিলক্ষিত হয়। ১ ডিচেম্বৰৰ পৰা দুটা পৰ্যায়ত গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু এই নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ কেইবাজনো কংগ্ৰেছ বিধায়কে দলত্যাগ কৰি বিজেপিলৈ ঢাপলি মেলিছে। আনকি সংবাধ মাধ্যমৰ আগত তেওঁলোকে কৈছে যে টিকট পোৱাৰ আশাত তেওঁলোকে বিজেপিত যোগ দিয়া নাই।

তাৰ কেইমাহ মান পূৰ্বে ৰাজস্থান কংগ্ৰেছত যি অৰাজকতাৰ সৃষ্টি হৈছিল সেয়া নকলেও হ'ব। একেলগে প্ৰায় ৮২ জন বিধায়কে দলত্যাগ কৰিবলৈ সাজু হৈছিল। গতিকে গ'ম পোৱা যায় যে ৰাজস্থান কংগ্ৰেছো দুটা ভাগত বিভক্ত। যি নহওক দল হাইকমাণ্ডে এই পৰিস্থিতি চম্ভালি লয়।

কংগ্ৰেছে ভাৰত জড়ো যাত্ৰা চলাই থকাৰ মাজতে অসমতো হ'ব পাৰে কংগ্ৰেছৰ খহনীয়া। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰক সমৰ্থন কৰা একাংশই শীঘ্ৰে বিজেপিত যোগদান কৰিব পাৰে।

শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে,"কংগ্ৰেছৰ তথাকথিত সভাপতি নিৰ্বাচনৰ ফলাফল ভোট গণনাৰ আগতেই জনা গৈছিল। কংগ্ৰেছৰ মাত্ৰ ১০০০ গণতান্ত্ৰিক লোক প্ৰতিনিধি আছিল যিয়ে শশী থাৰুৰক ভোট দিয়াৰ সাহস দেখুৱাইছিল। মই আশা কৰো যে তেওঁলোকে শীঘ্ৰেই বিজেপিত যোগদান কৰিব।"

এই ভিডিঅ'ত তিৰুৱন্তপুৰমৰ সাংসদ এগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "যি সকলৰ সাহস আছে তেওঁলোকে কেতিয়াও বিজেপিত যোগদান নকৰে। যি সকলৰ সাহস নাই তেওঁলোক প্ৰলোভিত হ'বও পাৰে।

অন্যহাতে শশী থাৰুৰেও মন্তব্য কৰিছে যে সাহস থাকিলে কোনোৱে যোগদান নকৰে বিজেপিত।

যি নহওক শৰ্মাৰ এটা মন্তব্যই কংগ্ৰেছৰ ভিতৰচৰাত এক আলোড়ন সৃষ্টি কৰিছে। কাৰণ কংগ্ৰেছেও জানে হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী নেতা। গতিকে পৰৱৰ্তী সময়ক কংগ্ৰেছত কি ধৰণে ফাঁট মেলে সেয়া হ'ব লক্ষণীয়।

অৱশ্যে এই ক্ষেত্ৰত কোনো ধৰণৰ নাম উল্লেখ কৰা পৰিলক্ষিত নহয় মুখ্যমন্ত্ৰী শৰ্মাই। এই খিনিতে মন কৰিবলগীয়া যে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত সমৰ্থন কৰিছিল শশী থাৰুৰক। কিন্তু তেওঁ পৰাজয় লাভ কৰে।

এই খিনিতে কুজ-কাৱাজ ওলাইছে যে সাসংদ প্ৰদ্যুৎ বৰদলৈক বিজেপিৰ বিধায়কৰ লগত কেইবাদিনো দেখা যায়। উল্লেখ্য যে, কেইদিনমান পূৰ্বে  কংগ্ৰেছে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো পদ যাত্ৰাৰ বাবে নগাঁও জিলা কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰিছিল ৷ যথাসময়ত সংবাদমেল আৰম্ভ হ’ল যদিও সাংসদ প্ৰদ্যুৎ বৰদলৈক সংবাদমেলত কোনো সংবাদকৰ্মীয়ে প্ৰত্যক্ষ নকৰিলে ৷ বিধায়ক ৰকিবুল হুছেইন , নুৰুল হুদা আৰু শিবামণি বৰবৰা আদি সংবাদমেলত উপস্থিত থাকে ৷ সংবাদমেলত কংগ্ৰেছৰ সাংসদ বৰদলৈ উপস্থিত নথকাটো তাৎপৰ্যপূৰ্ণ ৷

অন্যহাতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ মাজতেই বিজেপিয়ে কংগ্ৰেছক সম্পূৰ্ণ ৰূপে অসমৰ পৰা নিশেষ কৰিবলৈ পৰিকল্পনা কৰি গৈছে। কংগ্ৰেছ ব্যস্ত আছে ভাৰত জোড়ো যাত্ৰা। এই সময়তে বিজেপিৰ জ্যেষ্ঠ জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ দখলত থকা সমষ্টি সমূহত পৰিদৰ্শন কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে অসমৰ নগাঁও,বৰপেটা, কলিয়াবৰ আদি ভ্ৰমণ কৰি ৰাইজৰ লগত সময় কটাইছে।

২০২৪ চনত হ'ব সাধাৰণ নিৰ্বাচন। গতিকে বিজেপিয়ে এতিয়াৰ পৰাই চলাই গৈছে সম্পূৰ্ণ প্ৰস্তুতি। কিন্তু কংগ্ৰেছ বৰ্তমান ব্যস্ত আভ্যান্তৰীণ কন্দলত। তথাকথিত উচ্চ পদস্থ নেতা কেইজন মানে দলটোৰ বাঘজৰী যেতিয়ালৈকে এৰি নিদিয়ে তেতিয়ালৈকে কংগ্ৰেছৰ অৱস্থা তথৈবছ হৈ ৰ'ব।

কংগ্ৰেছৰ স্থিতি বৰ্তমান কি সেয়া নকলেও হ'ব। এখনৰ পাছত এখন ৰাজ্য, সমষ্টি হেৰুৱাইছে। অসমতো অতি দুৰ্বল কংগ্ৰেছৰ স্থিতি। অসমতো কেইবাজনো নেতাই কংগ্ৰেছ দলত্যাগ কৰিছে।

অসমৰ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ বৰ্তমান আছে দিল্লীত।প্ৰতিটো বিষয়ৰ ওপৰত সাৱলীল আৰু যুক্তিনিষ্ঠ বক্তব্য আগবঢ়াই অহা সাংসদ গৰাকীয়ে অসমৰ কংগ্ৰেছৰ অৱস্থাটোৰ ওপৰতো গুৰুত্ব দিয়া আৱশ্যক হৈ পৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মানি যদি অসমৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰে তেন্তে দলটোৰ অৱস্থা শোচনীয় হৈ পৰিব। সবল নেতৃত্ব অবিহনে কংগ্ৰেছৰ কেতিয়াও ভাল দিন ঘূৰি নাহিব। ২০২৪ চনৰ পূৰ্বে বিজেপিৰ পৰিকল্পনাৰ আগত কংগ্ৰেছ তিষ্টি থাকিব পাৰেনে নাই সেয়াও হ'ব লক্ষণীয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in