সেই বিস্কুট খোৱা কুকুৰটো নেকি?

: ভাৰত জোড়ো কাৰ্যসূচীত অংশ লৈ দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা সমৰ্থকৰ সৈতে খোজ কাঢ়িছে ৰাহুল গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
সেই বিস্কুট খোৱা কুকুৰটো নেকি?

ডিজিটেল ডেস্ক: ভাৰত জোড়ো কাৰ্যসূচীত অংশ লৈ দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা সমৰ্থকৰ সৈতে খোজ কাঢ়িছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এই ভাৰত জোড়া কাৰ্যসূচীক লৈ শাসকীয় বিজেপিয়ে বিভিন্ন কটাক্ষও কৰিছে।

Advertisment

কংগ্ৰেছৰ দাবী ৰাহুল গান্ধীৰ এই কাৰ্যসূচীয়ে বিজেপিৰ টোপনি হৰিছে। সেইবোৰ ৰাজনৈতিক বাকযুদ্ধৰ মাজতেই ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে ৰাহুল গান্ধীৰ এখন বিশেষ ফটো।

এটা কুকুৰ লৈ ৰাহুল গান্ধীয়ে সেই আলোকচিত্ৰ খনত খোজকঢ়া মুহুৰ্ত বন্দী হৈছে। তাকে দেখি এচামে প্ৰশ্ন কৰিছে এইটো ৰাহুল গান্ধীৰ সেই বিস্কুট খোৱা বিশেষ কুকুৰটো নেকি।

উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ অভিযোগ কৰিছিল যে তেওঁ কংগ্ৰেছত থকাৰ সময়ত ৰাহুল গান্ধীক সাক্ষাতৰ বাবে যাঁওতেই বেছি সময় নিজৰ পোহনীয়া কুকুৰটোৰ লগতে ব্যস্ত আছিল তেওঁ।

আনকি চাহ দিয়া প্লেটৰ পৰা বিস্কুট নি কুকুৰটোক খুওৱাৰ কথাও উল্লেখ কৰিছিল। সেই সময়ত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। আনকি ৰাষ্ট্ৰীয় পৰ্যায়ত সাংবাদিকে তেওঁৰ গ্ৰন্থত তৰুণ গগৈৰ সৈতে হিমন্ত বিশ্বৰ সংঘাতৰ কথা লিখিবলৈ গৈ এই ঘটনাটোৰ কথাও বিশেষভাৱে উল্লেখ কৰিছিল।

সেয়েহে এতিয়া ছ'চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এই ফটো দেখি বিভিন্ন জনে প্ৰশ্ন কৰিছে এইটো বাৰু সেই বিস্কুট খোৱা কুকুৰটো নেকি।

আৰু পঢ়ক: যোশীমঠতকৈ ভয়াবহ হ'ব অসম...

bharat jodo yatra himanta biswa sarma rahul gandhi