যোশীমঠতকৈ ভয়াবহ হ'ব অসম...

দেৱভূমি সংকটত। প্ৰকৃতিৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত যোশীমঠলৈ নামি আহিছে ভয়ংকৰ সংকত।
যোশীমঠতকৈ ভয়াবহ হ'ব অসম...

মৃদুল কুমাৰ সন্দিকৈ

দেৱভূমি সংকটত। প্ৰকৃতিৰ সৈতে হোৱা সংঘাতৰ পৰিণতিত যোশীমঠলৈ নামি আহিছে ভয়ংকৰ সংকত। শিক্ষা লোৱা নাই চৰকাৰে, শিক্ষা লোৱা নাই মানুহে। প্ৰকৃতিৰ সৈতে যুঁজি মানুহ কেতিয়াও জয়ী হোৱা নাই।

উত্তৰাখণ্ড। প্ৰচুৰ সম্ভাৱণা থকা পাহাৰীয়া ৰাজ্য। খৰস্ৰোতা নৈ আৰু পাহাৰ, কি দিয়া নাই তাত প্ৰকৃতিয়ে। প্ৰকৃতি ধ্বংসৰ অভিযান চলাই মানুহে তাত উন্নয়ন কৰাৰ নামত যি কৰিছে তাৰ ফলাফলো লাভ কৰিছে।

২০১৩ চনত উত্তৰাখণ্ডত সংঘটিত বান শেহতীয়া এটা উদাহৰণ। এই বানত ৫-৬ হাজাৰ লোকৰ প্ৰাণ হানি হৈছিল। যাৰ কাৰণ আছিল মানৱ সৃষ্ট কিছু নিৰ্মাণ আৰু প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰ।

খৰস্ৰোতা নৈৰ ওপৰত নিৰ্মাণ হৈছে জলবিদ্যুৎ প্ৰকল্প। বিদ্যুৎ আহৰণৰ নামত নিজৰ বাবে মানুহে সৃষ্টি কৰি লৈছে জলবোমা। সেই জলবোমাই এতিয়া কাল হৈ পৰিছে। যোশীমঠত মানুহৰ ঘৰ, বাট পথ চিৰাল ফাঁট দিছে।

অগনন সৰু ডাঙৰ জলবিদ্যুৎ প্ৰকল্পই এতিয়া চহৰ খনলৈ অনিশ্চিয়তা নমাই আনিছে। এই চহৰখনৰ বহু অংশ ইতিমধ্যেই তললৈ খহি পৰিছে। কাৰণ যোশীমঠৰ কাষতেই আছে নিৰ্মাণ কৰি থকা তপোবন বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্প।

৫২০ মেগাৱট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো। আছে চহৰখনৰ কাষত হেলাং বাইপাছ। কেৱল এটায়েই নহয়,৬ টাকৈ প্ৰকল্প এতিয়া বিপদৰ কাৰণ হৈ পৰিছে।

বিষ্ণুগড়-পিপলাকুটি প্ৰকল্প উৎপাদনৰ লক্ষ্য ৪৪০ মেগাৱট, চিংগুলি-ভাগবাৰী প্ৰকল্প ৭৬ মেগাৱট, মাট মহেশ্বৰ প্ৰকল্পৰ উৎপাদনৰ লক্ষ্য ১৫ মেগাৱট, কালি গংগা প্ৰকল্পৰ লক্ষ্য ৪.৫ মেগাৱট। এই প্ৰকল্পবোৰৰ বাবে উত্তৰকাশী , নাইনিতাল আদি চহৰবোৰ অনিশ্চিয়তাত পৰিছে।

যিকোনে মুহুৰ্ততে যোশীমঠৰ দৰে দশা হ'ব পাৰে এই দেৱভূমিবোৰৰ। বিশেষজ্ঞ সকলে সকিয়াই আছিল নদীবান্ধ নবনাব। প্ৰধানমন্ত্ৰীলৈ সেই চহৰৰ বাসিন্দাই চিঠি লিখিছিল। কোনো কথাই শুনা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰধান সচিবৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকত সিদ্ধান্ত লৈছিল গংগা আৰু তাৰ উপনদী সমূহত জলবিদ্যুৎ প্ৰকল্প বনাবলৈ দিয়া নহ'ব। ৭ টা প্ৰকল্পৰ বাবে অনুমতি দিছিল কিয়নো সেই কেইটা নিৰ্মাণৰ কাম ৫০ শতাংশ সম্পূৰ্ণ হৈছে।

বিশেষজ্ঞ সকলে কৈ আছিল যে প্ৰকৃতিৰ লগত যুদ্ধ কৰি কোনো কেতিয়াও জয়ী হোৱা নাই। যোশীমঠৰ দৰেই উত্তৰ কাশী, নাইনিতাল আজি চহৰবোৰ মাটিক তললৈ খহি পৰিব।

চৰকাৰে এতিয়া সেই চহৰত থকা শতাধিক পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে। ভূমিস্খলন অঞ্চল হিচাপে ঘোষণা কৰিছে চহৰখনক। এয়াই কি এনে মানৱসৃষ্ট বিপৰ্যয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়।

যোশীমঠৰ দশাই হ'ব অসমতো। নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ প্ৰতিও একেই সাৱধানবাণী শুনাইছিল বিশেষজ্ঞ সকলে। জলবোমাৰ ৰূপ ল'ব এই নদীবান্ধে। কিন্তু চৰকাৰ আঁকোৰ-গোজ। নদীবান্ধ বনাবই।

নামনি সোৱণশিৰি প্ৰকল্প স্থলীত কেতিয়াবা যদি সুৰংগ খহিছে, কেতিয়াবা পাহৰাৰৰ কোমল মাটি খহি পৰিছে। বাৰিষা কালত কি ৰূপ ল'ব পাৰে প্ৰকৃতিয়ে সেয়াও দেখুৱাই দিছে। এই পাহাৰৰ মাটি কিমান কোমল আৰু ভূমিকম্প প্ৰৱণ অঞ্চলটোত নদীবান্ধ নিৰ্মাণৰ ফলত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই কথা চৰকাৰেও জানে।

তথাপিও প্ৰতিবাদ, বিশেষজ্ঞ সকলৰ ভৱিষ্যতবাণী কাৰোলৈকে ভ্ৰূক্ষেপ কৰা নাই চৰকাৰে। নদীবান্ধ হ'বই। প্ৰকৃতিক প্ৰত্যাহ্বান জনাই লাখ লাখ লোকৰ পণবন্দী কৰি এইবোৰ কৰিবলৈ গৈ আছে।

যোশীমঠে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভৱিষ্যতৰ ফল আজিও উদঙাই দিছে। মানুহৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকি, বিশেষজ্ঞ সকলৰ অধ্যয়ন সকলো এতিয়া মূল্যহীন। কিন্তু এনে দিনেই আহিব নামনি সোৱণশিৰিলৈ। তেতিয়া আমাৰ কৰিবলগীয়া একো নাথাকিব। আৰু আজি নদীবান্ধৰ সাপক্ষে যুক্তি দিয়া সকলে আঁতৰত ৰৈ সেই দুৰ্যোগৰ সাক্ষী হ'ব । ভুক্তভোগী হ'ম কেৱল আমি।

আৰু পঢ়ক: বজালীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in