বিজেপিক শিক্ষক আখ্যা ৰাহুল গান্ধীৰ

ৰাজনীতিত কি কৰিব নালাগে, সেইয়া শিক্ষা বিজেপিয়েই দিছে দেশক
বিজেপিক শিক্ষক আখ্যা ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্ক : শনিবাৰে অনুষ্ঠিত এক সংবাদ মেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীক দিয়ে "গুৰু"ৰ আখ্যা । সমগ্ৰ দেশ তথা ৰাহুল গান্ধীয়ে বিজেপিৰ পৰাই ৰাজনীতিত কি কৰিব নালাগে সেইয়া শিক্ষা লাভ কৰা বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ।

সংবাদ মেলখনতেই ৰাহুল গান্ধীয়ে বিজেপিক উদ্দেশ্যি কয় যে, বিজেপিয়ে কংগ্ৰেছক আক্ৰমণাত্মক ভংগীৰে সমালোচনা কৰাটোও বিচাৰে নেতা গৰাকীয়ে । এই কাৰ্যই ভৱিষ্যতলৈ দলটোক আৰু অধিক শক্তিশালী কৰি তুলিব ।

আনহাতে, ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত নেতা গৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, আৰম্ভণি কালত এই যাত্ৰাও এক সাধাৰণ যাত্ৰা আছিল, কিন্তু সময় বাগৰাৰ সৈতেই ইয়াৰ তাৎপৰ্য বুজিবলৈ সক্ষম হৈছে ৰাহুল গান্ধীয়ে ।

উল্লেখ্য যে, পুনৰ বাঢ়ি অহা ক'ভিড সংক্ৰমণলৈ লক্ষ্য ৰাখি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ কোৱা হৈছিল দলটিক । কিন্তু বৰ্তমানলৈ তেনে কোনো পদক্ষেপ হাতত লোৱা নাই কংগ্ৰেছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in