৩১ ডিচেম্বৰ আৰু আজিৰ দিনটোৰ ইতিহাস

৩১ ডিচেম্বৰ আৰু আজিৰ দিনটোৰ ইতিহাস

ডিজিটেল ডেস্ক : আজি হ’ল ৩১ ডিচেম্বৰ, গ্ৰেগৰিয়ানৰ বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৩৬৫তম দিন। ইংৰাজী ২০২২ বৰ্ষৰ এই দিনটো হৈছে শেষৰটো দিন। আজিৰ দিনটোৰ পাছতেই ইংৰাজী নৱবৰ্ষ ২০২৩ আৰম্ভ হ’ব। বুৰঞ্জীৰ পাতত ৩১ ডিচেম্বৰত ঘটা কেইটামান উল্লেযোগ্য ঘটনা-

আন্ত:ৰাষ্ট্ৰীয়-

  • ১৭৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম বেংক "বেংক  অফ নৰ্থ আমেৰিকা' মুকলি কৰা হৈছিল।

  • ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত, হাংগেৰীয়ে জাৰ্মানী বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।

  • ১৯৪৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী এছ ট্ৰুমেনে আনুষ্ঠানিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘোষণা কৰে।

  • ১৯৪৯ চনৰ আজিৰ দিনটোতে বিশ্বৰ ১৮ খন দেশে ইণ্ডোনেছিয়াক স্বীকৃতি প্ৰদান কৰিছিল।

  • ১৯৬০ চনৰ আজিৰ দিনটোতে বিট্ৰিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল

  • ১৯৬৪ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াক সংযুক্ত ৰাষ্ট্ৰৰ পৰা নিষ্কাষণ কৰা হয়।

  • ১৯৯৭ চনৰ আজিৰ দিনটোতে মহম্মদ ৰফীক তৰাৰ পাকিস্তানৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

  • ১৯৯৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ প্ৰধানমন্ত্ৰী বৰিছ য়েল্টছিনৰ পদত্যাগৰ পিছত ভ্লাদিমিৰ পুটিন কাৰ্যকৰী ৰাষ্ট্ৰপতি হয়।

  • ২০০০ চনৰ আজিৰ দিনটোতে ইউৰোপৰ ১২খন দেশত ইউৰ’  মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়।

ৰাষ্ট্ৰীয়-

  • ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক শ্ৰীলাল শুক্লাৰ জন্ম হয়

  • ১৯৫৬ চনৰ আজিৰ দিনটোতে মধ্য প্রদেশৰ প্ৰথম মুখ্যমন্ত্ৰী পণ্ডিত ৰবি শংকৰ শুক্লাৰ দিল্লীত মৃত্যু হয়।

  •  ১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়  ।

  •  ১৯৯৯ চনত আজিৰ দিনটোতে ইছলামী সন্ত্ৰাসবাদীৰ দ্বাৰা ইণ্ডিয়ান এয়াৰলাইনছৰ ফ্লাইট হাইজেক হয় আৰু কান্দাহাৰত ভাৰতত বন্দী ৩জন সন্ত্ৰাসবাদীৰ বিনিময়ত ১৯০জন জীৱিত লোকক মুকলি কৰি দিয়ে সন্ত্ৰাসবাদী সংগঠটোৱে।

ৰাজ্যিক-

  • ১৯০৭ চনৰ আজিৰ দিনটোতে ‘বকুল বনৰ কবি’ আনন্দ চন্দ্ৰ বৰুৱাই জন্মগ্ৰহণ কৰিছিল।

  •  ১৯৫৫ চনৰ আজিৰ দিনটোতে সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in