আমাক সদনত কথা ক'বলৈ সুযোগ দিয়া নাই শাসকীয় দলেঃ ৰাহুল গান্ধী

পাৰেচন সিন্দুৰ আৰু যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পৰ হস্তক্ষেপক লৈ শাসকীয় দলৰ ওচৰত উত্তৰ বিচাৰিছে বিৰোধীয়ে। উক্ত বিষয়লৈ সংসদৰ দুয়োখন সদনত হুলস্থুলৰ সৃষ্টি হয়।

New Update
1

ডিজিটেল ডেস্কঃ  সোমবাৰৰ পৰা আৰম্ভ হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন। প্ৰথম দিনাই শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰিলে বিৰোধী পক্ষই। অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে সংসদৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে ৷ সংসদৰ এই এমহীয়া অধিৱেশনত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব ৷ 

ইতিমধ্যে অপাৰেচন সিন্দুৰ আৰু যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পৰ হস্তক্ষেপক লৈ শাসকীয় দলৰ ওচৰত উত্তৰ বিচাৰিছে বিৰোধীয়ে। উক্ত বিষয়লৈ সংসদৰ দুয়োখন সদনত হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ মাজতে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে লোকসভাত অভিযোগ উত্থাপন কৰে যে শাসকীয় দলে বিৰোধীক কথা ক’বলৈ সুযোগ নিদিয়ে কৰে।

সোমবাৰে সংসদৰ চৌহদত ৰাহুল গান্ধীয়ে কয় যে, প্ৰতিৰক্ষা মন্ত্ৰীক সদনত ভাষণ দিবলৈ অনুমতি দিয়া হৈছে। শাসকীয় দলৰ মানুহক কথা ক’বলৈ দিয়া হৈছে। কিন্তু বিৰোধীৰ কোনোবাই যেতিয়া কিবা ক’ব বিচাৰে তেতিয়া তেওঁলোকক অনুমতি দিয়া নহয়।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে আৰু কয় যে, মই বিৰোধীৰ নেতা আৰু মোৰ কথা কোৱাৰ অধিকাৰ আছে, কিন্তু মোৰ কথা ক’বলৈ দিয়া হোৱা নাই। এয়া শাসকীয় দলৰ নতুন পন্থাআমি দুই এটা কথা ক’ব বিচাৰিছিলো যদিও শাসকীয় দলে এই কথাত অনুমোদন নিদিলে।

আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱদ্ৰায়ো বিৰোধীক সদনত কথা ক’বলৈ নিদিয়াৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয়, যদি চৰকাৰ সদনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু  তেন্তে মুকলিকৈ আলোচনা কৰক। বাৰে বাৰে সদনত বিৰোধী দলৰ নেতাক নিজৰ পক্ষ ৰখাত বাধা দিছে শাসক  দলে। যদি তেওঁলোকে সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু তেন্তে ভয় কিহৰ বুলি শাসক দলক উদ্দেশ্যি প্ৰশ্ন কৰে প্ৰিয়ংকা গান্ধীয়ে।

লোকসভা ৰাহুল গান্ধী