দেশত বৃদ্ধি পাইছে হিংসা, লাভৱান হৈছে কেৱল দুজন উদ্যোগপতি : ৰাহুল গান্ধী

দেশত বৃদ্ধি পাইছে হিংসা, লাভৱান হৈছে কেৱল দুজন উদ্যোগপতি : ৰাহুল গান্ধী

author-image
asomiyapratidin
New Update
দেশত বৃদ্ধি পাইছে হিংসা, লাভৱান হৈছে কেৱল দুজন উদ্যোগপতি : ৰাহুল গান্ধী

ডিজিটেল ডেস্ক : ৰবিবাৰে নতুন দিল্লীৰ ৰামলীলা উদ্যানত অনুষ্ঠিত কংগ্ৰেছৰ 'হাল্লা বোল' শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচীত জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰি আক্ৰমণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক । বিজেপি শাসনলৈ অহাৰ পৰাই দেশত ক্ষমতাৰ লালসা, হিংসা আৰু ঘৃণা বৃদ্ধি পাইছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে ।
ইয়াৰ উপৰিও, মোডী চৰকাৰৰ নীতি সমূহে কেৱল দুজন নিৰ্দিষ্ট উদ্যোগপতিক হে সহায় কৰা তথা এই দুগৰাকী উদ্যোগপতিৰ সহায় অবিহনে কেতিয়াও প্ৰধান মন্ত্ৰী হ'ব নোৱাৰিলে হয় মোডী বুলিও মন্তব্য কৰে কংগ্ৰেছী নেতা গৰাকীয়ে ।

Advertisment

নেতা গৰাকীৰ ভাষ্য অনুসৰি, বিজেপি আৰু আৰএছএছ এ সমগ্ৰ দেশত কেৱল ভয় হে বিয়পাব পাৰিছে আৰু ইয়াৰ পৰা কেৱল এই দুই উদ্যোগপতি হে লাভৱান হৈছে । নোটবন্দী, কৃষক আইনে কেতিয়াও দেশৰ সাধাৰণ নাগৰিকক সহায় নকৰিলে । কৰ্ম সংস্থাপন দিব পৰা নাযাব নিবনুৱাসকলক, তেনেস্থলত মূল্যবৃদ্ধিৰ সন্মুখীন হ'বলৈ কোনো বাটেই মুকলি নহয় জনতাৰ বাবে বুলি বক্তব্যত
উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।

আৰু পঢ়ক : শিক্ষাবিদ, গৱেষক, লোক সংস্কৃতিৰ সাধক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ শেষ নিশ্বাস ত্যাগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

congress bjp rahul gandhi