শিক্ষাবিদ, গৱেষক, লোক সংস্কৃতিৰ সাধক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ শেষ নিশ্বাস ত্যাগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

শিক্ষাবিদ, গৱেষক, লোক সংস্কৃতিৰ সাধক ড০ প্ৰবীণ চন্দ্ৰ দাসৰ শেষ নিশ্বাস ত্যাগঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা প্ৰায় ১ বজাত শেষ নিশ্বাস ত্যাগ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট লোক সংস্কৃতিৰ সাধক, গৱেষক ড০ প্ৰবীণ চন্দ্ৰ দাসে। যোৱা ২৬ আগষ্ট তাৰিখে নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ এখন সভাত বক্তৃতা দি থকাৰ অৱস্থাতে অসুস্থ হৈ ঢলি পৰা ড০ প্ৰবীণ চন্দ্ৰ দাসক পৰৱৰ্তী সময়ত নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয়।

পিছে গুৱাহাটীৰ চিৎসালয়তো দাসৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে। যাৰ বাবে তেওঁক ভেণ্টিলেছনত ৰখা হয়। বিগত কেইবাটাও দিন ভেণ্টিলেছনত থকাৰ পিছত তেওঁ শনিবাৰে নিশা প্ৰায় ১ বজাত শেষ নিশ্বাস ত্যাগ কৰে। সুদীৰ্ঘ কৰ্মজীৱনত ড০ প্ৰবীণ চন্দ্ৰ দাসে লোকসংস্কৃতিৰ গৱেষণাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ কল্যাণ সঞ্চালক, শ্ৰেণীসমূহৰ সচিবৰ দৰে বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ মৃত্যু পৰ্যন্ত অসম লোকসংস্কৃতি সমাজৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰি আছিল।

প্ৰয়াত প্ৰবীণ চন্দ্ৰ দাসৰ অধীনতে ডেৰ কুৰিৰো অধিক গৱেষকৰে ডি. এইছ. ডি. তথা এম. ফিল.ৰ গৱেষণা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লোক সংস্কৃতিৰ সাধকৰ জন্মদিন ১৮ ফেব্ৰুৱাৰী দিনটোক তেওঁৰ অনুৰাগীসকলে প্ৰতি বছৰে জিমিৰি গাঁৱত সেউজ মনৰ দিন হিচাপে উদযাপন কৰি আহিছে।

এইগৰাকী বহু প্ৰতিভাসম্পন্ন ব্যক্তিৰ পৰলোকগমণত লোকসংস্কৃতিৰ জগতখনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকলৰ মাজত গভীৰ শোক প্ৰকাশ কৰিছে। আজি ড০ প্ৰবীণ চন্দ্ৰ দাসক নশ্বৰ দেহ হাস্পতালৰ পৰা পুস্পসজ্জিত বাহনেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদলৈ লৈ যোৱা হয়।

বিশ্ববিদ্যালয় চৌহদতে লোক সংস্কৃতি বিভাগৰ প্ৰাক্তন অধ্যাপকগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব ধ্ৰুৱজ্যোতি চহৰীয়া, ছাত্ৰ কল্যাণ সঞ্চালক ৰঞ্জন কুমাৰ কাকতি, শ্ৰেণীসমূহৰ উপ-সচিব অৰিজিত বৰা, প্ৰমুখ্যে কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া সকলে প্ৰয়াত দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ বিশ্ববিদ্যালয়ৰ যুৱ-মহোৎসৱ বা‌ আন্তঃ ষ্ট্ৰীয় যুৱ- মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ ক্ষেত্ৰত ড০ প্ৰবীণ দাসৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in