স্বৰ্ণ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

পঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে মঙলবাৰে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সেৱা জনায়।

author-image
Asomiya Pratidin
New Update
স্বৰ্ণ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ নেতৃত্বত দেশৰ বিভিন্ন প্ৰান্তত চলি আছে ভাৰত জোড়ো যাত্ৰা। পঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাহুল গান্ধীয়ে মঙলবাৰে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সেৱা জনায়।

Advertisment

কংগ্ৰেছে গান্ধীয়ে স্বৰ্ণ মন্দিৰ দৰ্শন কৰা ফটো টুইট কৰে। দলটোৱে কয় যে , "পঞ্জাৱত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আজি ৰাহুল গান্ধীয়ে অমৃতসৰত ধৰ্মীয় ঐক্যৰ বিশ্ববিখ্যাত স্বৰ্ণ মন্দিৰত প্ৰণাম জনাই দেশৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।"

উল্লখ্য যে ৰাহুল গান্ধীয়ে সন্ধিয়াৰ ভাগত পঞ্জাৱৰ ফতেহগড় চাহিবৰ চিৰহিন্দলৈ উভতিব। এই সময়চোৱাত গান্ধীৰ লগত কংগ্ৰেছৰ আৰু কেইবাগৰাকীও নেতাক দেখা যায়।

আৰু পঢ়ক: এইবাৰো মাঘ বিহুত মাছ ধৰিব নোৱাৰিব কাজিৰঙাত : ১৪৪ ধাৰা জাৰি...

bharat jodo yatra congress rahul gandhi