/asomiyapratidin/media/media_files/2025/07/16/new-ap-web-1-15-2025-07-16-19-23-22.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অসম ভ্ৰমণক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ প্ৰতিহত কৰাৰ লগে লগে অসমৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছৰ বৈঠকত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাবলগীয়া হ’ব পাৰে, তাৰ পিছতেই শ্ৰী শৰ্মাই ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।
বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে ‘ৰজা’ বুলি গণ্য কৰে, কিন্তু ৰাজ্যৰ ৰাইজে তেওঁক দুৰ্নীতিৰ বাবে জেললৈ প্ৰেৰণ কৰিব। আপোনাৰ মুখ্যমন্ত্ৰী ভয়ত কপি আছে, তেওঁ জানে যে নিৰ্ভীক কংগ্ৰেছ কৰ্মীয়ে তেওঁক জেলত ভৰাই দিব।
ৰাহুল গান্ধীয়ে লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী।আৰু, কম সময়ৰ ভিতৰতে কংগ্ৰেছৰ সিংহই তেওঁক জেললৈ পঠিয়াব। ইয়াৰ ভয় তেওঁৰ চকুত স্পষ্টকৈ দেখা গৈছে। কাৰণ এতিয়া মোডী বা শ্বাহে তেওঁক বচাব নোৱাৰিব!
আজি সভাত ৰাহুল গান্ধীয়ে এনেদৰে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লোৱাক লৈ গৰজি উঠে হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ নেতা গৰাকীৰ প্ৰতিটো বাক্যৰ বিৰোধিতা কৰি তেওঁ এক্স হেণ্ডেলযোগে কয় যে, "অসমত কংগ্ৰেছৰ বৈঠকত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয় যে লিখিতভাৱে লওক। হিমন্ত বিশ্ব শৰ্মাক নিশ্চিতভাৱে জেললৈ পঠিওৱা হ'ব। ৰাহুল গান্ধী কেৱল এইখিনি ক'বলৈয়ে অসমলৈ আহিছে। কিন্তু এই নেতা গৰাকীয়ে নিশ্চয় পাহৰিছে যে তেওঁ খোদ কেবাটাও ফৌজদাৰী গোচৰত জামিনত আছে। শ্ৰী শৰ্মাই লগতে কয়,আপোনালৈ মোৰ শুভেচ্ছা ৰাহুল জী। বাকী দিনটো অসমৰ আতিথ্য উপভোগ কৰক।"
ইয়াৰোপৰি ৰাহুল গান্ধীয়ে আজিৰ সভাত অভিযোগ কৰে যে, নিৰ্বাচন আয়োগ আৰু বিজেপিয়ে একেলগে কাম কৰি আছে। তেওঁ দাবী কৰে যে ভোটাৰ তালিকা সংশোধনীৰ "ৰিগিং" কৰি বিজেপিয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। বিহাৰতো একে কৌশল ব্যৱহাৰ কৰিছে আৰু অসমতো একেদৰেই কৰিব। আমি সাৱধান হ’ব লাগিব।