ৰহা পৰিপূৰক চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাঃ উন্নয়নৰ অভাৱত জৰ্জৰিত চিকিৎসালয়খন

ৰহা পৰিপূৰক চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাঃ উন্নয়নৰ অভাৱত জৰ্জৰিত চিকিৎসালয়খন
Published on
Updated on

ডিজিটেল সংবাদ,ৰহাঃ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি বিজড়িত ৰহা পৰিপূৰক চিকিৎসালয়ৰ সম্প্ৰতি এক দুভাগ্যজনক ছবি দেখিবলৈ পোৱা গৈছে। এই চিকিৎসালয়খনৰ কোৱাটাৰতে জন্ম হৈছিল ভাৰত ৰত্ন গোপীনাথ বৰদলৈ। এই চিকিৎসালয়খনৰে চিকিৎসা কৰ্মী আছিল গোপীনাথ বৰদলৈৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈ। কিন্তু চিকিৎসালয়খনৰ বৰ্তমানৰ পঁয়ালগা ছবিয়ে স্বৰূপ উদঙাইছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন।

আন্তঃগাঁথনি উন্নয়নৰ অভাৱত এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ পৰিছে চিকিৎসালয়খন। বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল। চৰকাৰে জিলাই জিলাই মেডিকেল কলেজ স্থাপন কৰি থকাৰ সময়তে এই চিকিৎসালয়খন আন্তঃগাঁথনিৰ অভাৱত জুৰুলা হৈ পৰিছে। ১৯৬৪ চনতে নিৰ্মাণ কৰা চিকিৎসালয় গৃহতে আজিও চলে চিকিৎসা।

আজিও মেৰামতি তথা নিৰ্মাণ নহ'ল নতুন গৃহ। একদৰে জহি-খহি গৈছে কোৱাটাৰসমূহো। বৰষুণৰ পানী পৰে চিকিৎসালয়ৰ ভিতৰত। উল্লেখ্য যে, দৈনিক শতাধিক লোক আহে চিকিৎসালয়খনত চিকিৎসা তথা স্বাস্থ্য পৰীক্ষা কৰাবলৈ। কিন্তু চিকিৎসক আছে মাত্ৰ দুজন। একেদৰে বছৰি প্ৰায় চাৰি শতাধিক সন্তান প্ৰসৱ কৰা হয় চিকিৎসালয়খনত। কিন্তু ৰহা চহৰৰ মাজ মজিয়াৰ এই চিকিৎসালয়খনে আজিও নেদেখিলে উন্নয়নৰ মুখ। আন্তঃগাঁথনিৰ অভাৱে সমস্যাত পেলাইছে ৰোগী আৰু চিকিৎসাকৰ্মীসকলক।

এজাক বৰষুণতে পানীয়ে উপচি পৰে চিকিৎসালয় চৌহদ। বৰষুণৰ বতৰত ৰোগী চিকিৎসালয়খনলৈ অহাত সমস্যাৰ সৃষ্টি হয়। ইপিনে চিকিৎসালয়খনত নাই এজনো চাফাইকৰ্মী। বন-জংঘলে আগুৰি ধৰিছে চিকিৎসালয় চৌহদ। চিকিৎসালয়ৰ চাৰিসীমাৰ বেৰবোৰো গৈছে ভাঙি-ছিঙি। ফলত নৈশ চিকিৎসাকৰ্মী তথা কোৱাটাৰৰ আৱাসিকসকল নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে।

দেশৰ স্বাধীনতাৰ বহু আগৰ এই চৰকাৰী চিকিৎসালয়খনৰ এনে দুভাগ্যজনক ছবি তথা চৰকাৰৰ গুৰুত্বহীনতাই উদ্বিগ্ন কৰি তুলিছে সচেতন মহলক আৰু শীঘ্ৰে চিকিৎসালয়খনৰ গৃহ নিমাৰ্ণকে ধৰি আন্তঃগাঁথনি উন্নয়ন কৰি জনসাধাৰণৰ চিকিৎসা সেৱা সু-নিশ্চিত কৰিবলৈ দাবী তুলিছে বিভিন্ন মহলে।

ৰহা পৰিপূৰক চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থাঃ উন্নয়নৰ অভাৱত জৰ্জৰিত চিকিৎসালয়খন
চাবুৱাত নিশা হাতত পিষ্টল লৈ গৰু চোৰৰ সন্ত্ৰাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in