/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/aqa2yh0s/17.jpg)
ডিজিটেল সংবাদ,চাবুৱা: বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে ৰহমৰীয়াত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ সংখ্যা। দুদিন পূৰ্বে নিশা গৰু চোৰক আটক কৰি আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগত ৰহমৰীয়া থানাৰ সন্মুখত শ শ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
চাবুৱা অঞ্চলৰ প্ৰায় প্ৰতিখন গাঁৱত গৰু চোৰৰ সংখ্যা বৃদ্ধি পাই আহিছে যদিও আৰক্ষীয়ে চকু মুদা কুলিৰ ভাওঁ ধৰি থকাৰ সময়তেই আজি ৰহমৰীয়াত ক্ষোভিত হৈ পৰে ভুক্তভোগী কৃষক ৰাইজ।
হাতত পিষ্টল লৈ নিশা গৰু চোৰ কৰি থকা গৰু চোৰক আৰক্ষীয়ে ৰক্ষণাবেশন দিয়াৰ অভিযোগ উত্থাপন কৰি ৰহমৰীয়া থানাৰ সন্মুখত ৰাইজে প্ৰতিবাদ কৰে। চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আৰু লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান ৰাইজৰ।
Also Read: বিষাক্ত পাৰ্থেনিয়ামৰ সন্দৰ্ভত ধেমাজিত সজাগতা অভিযান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us