/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/320c7e59-7c56-4a56-a6b2-66afcb5daa92/5.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ পাটাছাৰকুছিৰ অন্যতম সামাজিক অনুষ্ঠান লাচিত সংঘৰ উদ্যোগত শনিবাৰে পাটাছাৰকুছিৰ শিৱ দুৰ্গা ধামত ’আলোক সন্ধানী আমি অসমীয়া’ শীৰ্ষক সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা আৰু দশম শ্ৰেণীলৈ লিখিত স্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, বিশিষ্ট লেখক ৰবেন্দ্ৰ কুমাৰ দাসে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/967e7b09-5fff-45d4-9ae2-90bb7eb29c66/3edab6ca-8e7d-4e22-a630-846f128d5292.jpg)
মুকলি কুইজ প্ৰতিযোগিতাখন অসমৰ জনপ্ৰিয় কুইজ পৰিচালক তথা দৈনিক অসম কাকতৰ উপ-সম্পাদক দিপাঙ্কৰ কৌশিকে পৰিচালনা কৰে। উক্ত কুইজ প্ৰতিযোগিতাখনত গুৱাহাটীৰ মৃদুলৰাম কলিতা, নলবাৰীৰ বিশ্বজিত শৰ্মাই প্ৰথম, নলবাৰীৰ ভূপাল শৰ্মা, দেৱজিৎ কলিতাই দ্বিতীয়, টিহুৰ মৃদুল তামুলী, গুৱাহাটীৰ জিতাদিত্য নাৰ্জাৰীয়ে তৃতীয়, নলবাৰীৰ সোণমণি দাস, বিজিত দাসে চতুৰ্থ, নলবাৰীৰ বিকাশ দাস, সঞ্জু বৰ্মনে পঞ্চম আৰু পাঠশালাৰ গীতাৰ্থ কলিতা, নলবাৰীৰ অলকেশ হালৈয়ে ষষ্ঠ পুৰস্কাৰ লাভ কৰে৷
শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰে নগাঁৱৰ অনুজ শংকৰ দেৱনাথ আৰু বকোৰ প্ৰতিৰূপ বায়নে৷ ইয়াৰ আগেয়ে অনুষ্ঠিত সদৌ অসম ভিত্তিত লিখিত স্কুল কুইজ প্ৰতিযোগিতাখনত হিমলিনা বৰুৱা আৰু ধৃতিৰাজ শৰ্মাই প্ৰথম, বলয় বৈভৱ মেধি, অৰ্ণৱ হৃষীকেশনে দ্বিতীয়, স্মিতা দেৱী আৰু ডেইজী শৰ্মাই তৃতীয় পুৰস্কাৰ লাভ কৰাৰ লগতে আন সাতটা দলকো পুৰস্কৃত কৰা হয়৷
প্ৰতিযোগিতাৰ অন্তত লাচিত সংঘৰ সভাপতি চন্দন বৰুৱাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখক ৰবেন্দ্ৰ কুমাৰ দাস, কুইজ পৰিচালক দীপাংকৰ কৌশিক, বিকাশ দাস, দেৱজিৎ দাস, উৎপল মেধি, গৌতম কলিতা আদিয়ে বঁটাসমূহ প্ৰদান কৰে৷