/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a6af9104-30f6-4ecd-9749-90267a35032a/football_wc.jpg)
বিশ্বকাপ ফুটবল
ডিজিটেল ডেস্কঃ ফুটবল মানেই অনুৰাগীৰ মনত উন্মাদনা,উত্তেজনা। সেইয়া স্থানীয় পৰ্যায়ৰ ফুটবলে হওঁক কিম্বা ক্লাব পৰ্যায়ৰ ফুটবলেই হওঁক মুঠতে উন্মাদনা-উত্তেজনা। তাতে আকৌ বিশ্বকাপ ফুটবল বুলিলেটো কথাই নাই। বিশ্বকাপ ফুটবললৈ মাজত মাথো কিছুদিন। বিশ্বৰ ফুটবল অনুৰাগী এতিয়া ফুটবল জ্বৰত আক্ৰান্ত। কিয়নো মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হ'ব এইবৰ্ষৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা।
আৰ্জেন্টিনা,কাটাৰ,ইৰান,ইংলেণ্ড আদিকে ধৰি ৩২ খন দেশে অংশগ্ৰহণ কৰিব কাটাৰত অনুষ্ঠিত বিশ্বকাপ ফুটবলত। ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে কাটাৰ চহৰ। খেলপথাৰকে আদি কৰি হোটেল,বাট-পথ সকলো সাজু বিশ্বকাপ অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ,কৰ্মকৰ্তা,দৰ্শক আদিক আদৰিবলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1ecf29df-cc22-46dd-a261-143b93c8d07c/football_wc1.jpg)
সম্প্ৰতি মৰুৰ দেশত উপস্থিত হৈছেহি চলিত বৰ্ষৰ বেলন ডি অ'ৰ বঁটা বিজয়ী বেঞ্জেমা,পৰ্টুগালৰ তাৰকা খেলুৱৈ ৰোণাল্ডো, ব্ৰাজিলৰ যাদুকৰ নেইমাৰ আৰু বৰ্তমান ফুটবল জগতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বুলি বিবেচিত মেছিকে ধৰি অধিকাংশ ফুটবলাৰ। অহা ২০ নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া মেচত আয়োজক কাটাৰে ইকুৱেডৰ বিৰুদ্ধে খেলি বিশ্বকাপৰ শুভ উদ্বোধন কৰিব।