ঔতলা গাঁও পঞ্চায়তত কেঞ্চাৰ সজাগতা সভা...

কম খৰছত উপলব্ধ হোৱা সুবিধা সমূহ ক্ৰমে এম আৰ আই ,চিটি স্কেন, এস্কৰে,তেজ পৰীক্ষা,মে'মগ্ৰাফী
কেঞ্চাৰ সজাগতা সভা
কেঞ্চাৰ সজাগতা সভা

ডিজিটেল সংবাদ,‌মঙলদৈঃ ঔতলা গাঁও পঞ্চায়ত, স্বেচ্ছাসেৱী সংগঠন ইউনিটি উই দ্যা ব্লাড ডোনাৰ্চৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত মঙ্গলবাৰে ঔতলা গাঁও পঞ্চায়তৰ গাওঁ সভা উপলক্ষে পঞ্চায়ত প্ৰাঙ্গণত আয়োজন কৰে কেঞ্চাৰ সজাগতা সভা। সজাগতা সভাৰ সভাপতিত্ব কৰে ঔতলা গাঁও পঞ্চায়তৰ সভাপতি কৌশিক ডেকাই ।

উক্ত সভাত উপস্থিত থাকি কেঞ্চাৰ ৰোগৰ লগতে অন্যান্য সাধাৰণ ৰোগীৰ বাবে উপলব্ধ সেৱা সমুহৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা০ চৈয়দ ইফটিকাৰ চোভানীৰ লগতে সজাগতা সভাত উপস্থিত থাকি কেঞ্চাৰ ৰোগৰ বিষয়ে আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সুবিধা সমূহৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ চাহিদুল ইচলামে।

সভাত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়া,জেচমিনআৰা বেগম।

উদ্যোগক্তাই জনোৱা অনুসৰি দৰং কেঞ্চাৰ কেন্দ্ৰত কেঞ্চাৰ ৰোগীৰ লগতে সাধাৰণ ৰোগীৰ বিভিন্ন ৰোগৰ পৰীক্ষাৰ সুবিধা কম খৰছত উপলব্ধ হোৱা সুবিধা সমূহ ক্ৰমে এম আৰ আই ,চিটি স্কেন, এস্কৰে,তেজ পৰীক্ষা,মে'মগ্ৰাফী । আজি ঔতলা গাঁও পঞ্চায়তৰ গাওঁ সভাৰ লগতে কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ইউনিটি উই দ্যা ব্লাড ডোনাৰ্চৰ সভাপতি দীপক কুমাৰ ডেকা , সম্পাদক ৰুমু বড়ো , দৰং জিলা পৰিষদৰ উপ-সভাপতি কুসুম ডেকা, কলাই গাঁও উন্নয়ন খণ্ডৰ খণ্ড বিষয়া, সহকাৰী খণ্ড বিষয়াই ।

দুই শতাধিক ৰাইজৰ উপস্থিতিত হোৱা সভাখনৰ আঁত ধৰে ঔতলা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব শিল্পীশিখা দেৱীয়ে।

আৰু পঢ়কঃ সামান্য কথাতে মাতৃয়ে ঘপিয়ালে পুত্ৰক, গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in