শেষ সুযোগ ! বিশ্বকাপ জয় কৰিব আৰ্জেণ্টিনাই...

শেষ সুযোগ ! বিশ্বকাপ জয় কৰিব আৰ্জেণ্টিনাই...
শেষ সুযোগ ! বিশ্বকাপ জয় কৰিব আৰ্জেণ্টিনাই...

ডিজিটেল ডেস্কঃ এয়াই শেষ সুযোগ ! বিশ্বজয়ৰ সোৱাদ বঞ্চিত নায়কৰ অন্তিম সুযোগ বিশ্বজয়ৰে মহানায়ক হোৱাৰ। ৯০ মিনিটৰ যুদ্ধত তেওঁ এই পৰ্যন্ত ব্যক্তিগত প্ৰদৰ্শনেৰে নায়কৰ শাৰীলৈ উন্নিত হৈছে যদিও নিজ দেশক ঐতিহাসিক এক ক্ষণৰ পৰা বঞ্চিত কৰি ৰাখিছে।

বিশ্বজয়ৰ সেই মধুৰ ক্ষণৰ অপেক্ষাত আৰ্জেণ্টিনা। মহানায়কৰ শাৰীলৈ উন্নিত হ'বলৈ লিনয়েন মেছিয়ে কাটাৰত লাভ কৰিছে অন্তিম সুযোগ। কিয়নো এয়াই তেওঁৰ অন্তিম বিশ্বকাপ !

আজি সৌদি আৰৱৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ বিশ্বকাপত প্ৰথমখন মেচ। মেচৰ পূৰ্বে বিশ্বৰ সংবাদ মাধ্যমত চৰ্চা- আজি খেল পথাৰত হয়তো নানামিব মেছি ! আঘাতৰ সমস্যাত ভূগিছে আৰ্জিণ্টিনাৰ তাৰকাগৰাকী !কিন্তু কিমানদূৰ সঁচা এই খবৰ? মেছিয়ে নিজেই প্ৰকাশ কৰিলে তেওঁৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ কথা।

সোমবাৰৰ সন্ধিয়াৰ এক দৃশ্য। কাটাৰ নেশ্যনেল কনভেনশ্যন চেণ্টাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া সাংবাদিকৰ ভিৰ। বহিবলৈ ক'তো ঠাই নাই। পকাতেই বহিলৈছে বহু সাংবাদিক।

কাৰণ কিছু সময়ৰ পিছতেই সংবাদ মেল সম্বোধন কৰাৰ কথা লিয়নেল মেছিৰ। কাটাৰত এইদৰেই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে আৰ্জেণ্টিনাৰ মেছি। মাৰাডোনাৰ উত্তৰাধিকাৰী।

চলিত বিশ্বকাপৰ পূৰ্বৰে পৰা মেছিকৈ লৈ চৰ্চা চলিছে। বিশ্বকাপৰ পূৰ্বেই কাটাৰত উপস্থিত হৈ মেছিয়ে আৰম্ভ কৰিছিল অনুশীলন। মনত প্ৰবল বিশ্বাস আৰু আশা। মাৰাডোনাৰ যোগ্য উত্তৰসুৰীৰ প্ৰমাণ দিবলৈ এয়াই শেষ সুযোগ। মেছিয়ে বুজি পাইছে, বিশ্বজয়ৰ সুৱাদৰ পৰা আৰ্জেণ্টিনা বহু বছৰ ধৰি বঞ্চিত হৈ আছে।

আজি বিশ্বকাপৰ প্ৰথমখন মেচত খেলপথাৰত নমাৰ কথা মেছিৰ। কিন্তু যোৱা দুদিন অৰ্থাত সোমবাৰ আৰু দেওবাৰে মেছি অহা নাই অনুশীলন কৰিবলৈ। আজি সৌদি আৰৱৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া এই মেচখনত মেছিৰ উপস্থিতিক লৈ বহুতেই সেয়ে প্ৰশ্ন উত্থাপন কৰিছে। আৰ্জেণ্টিনাৰ শিবিৰৰ পৰাও প্ৰকাশ কৰা নাই কোনো স্পষ্টিকৰণ।

অৱশ্যে মেছিয়ে নিজেই প্ৰকাশ কৰিলে এই কথা। সোমবাৰে সন্ধিয়া সংবাদ মেল সম্বোধন কৰি মেছিয়ে তেওঁক লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভত মুখ খুলিলে। মেছিয়ে কৈছে, বিগত কিছু দিন ধৰি মোক লৈ বিভিন্ন চৰ্চা আৰু আলোচনা হৈছে।

মেছিয়ে ক'লে নাকত আঘাত পোৱাৰ বাবেই যোৱা দুদিন তেওঁ অনুশীলনত ভাগ লোৱা নাই। তেওঁ কৈছে- কেৱল শাৰীৰিক ভাৱেই নহয়, মানসিক ভাৱেও তেওঁ শক্তিশালী হৈ আছে। বিশ্বকাপৰ মেচত খেলিবলৈ তেওঁ তীব্ৰ উত্তেজনাত আছে।

মেছিয়ে অনুশীলনত ভাগ নোলোৱাৰ প্ৰসংগত কয়, আঘাতমুক্ত হৈ থাকিবলৈ সতৰ্কতামূলক ভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই বছৰৰ বিশ্বকাপ সম্পূৰ্ণ বেলেগ।

এই সংবাদ মেলতেই আৰ্জেণ্টিনাৰ টীম মেনেজমেণ্টে সাংবাদিকৰ আগত ক'লে -হয়তো কাটাৰেই মেছিৰ অন্তিম বিশ্বকাপ। একেই ইংগিত দিলে মেছিয়ে নিজেও।

মেছিয়ে ক'লে সম্ভৱত এয়াই- মোৰ অন্তিম বিশ্বকাপ। শেষ সুযোগ চেম্পিয়ন হোৱাৰ। কোনো কাৰণতেই এই সুযোগ হেৰুৱাব নোৱাৰি।চেম্পিয়ন হোৱাৰ বাহিৰে এই মুহূৰ্তত আন কোনো কথাই ভাবিব নোৱাৰি।

উল্লেখ্য যে, মেছিয়ে জীৱনৰ পঞ্চমখন বিশ্বকাপত অংশগ্ৰহণ কৰিব। বিশ্বকাপৰ প্ৰথমখন মেচৰ পূৰ্বে সাংবাদিকে দেখিলে এজন অন্য মেছিক। সাংবাদিকৰ সৈতে কথা পাতিবলৈ লাজ কৰা পূৰ্বৰ মেছিক এইবাৰ বিচাৰি নাপালে সাংবাদিকে। এইবাৰৰ মেছিৰ দেহত আছে মাৰাডোনাৰ ছাঁয়া। মাৰাডোনাৰ দৰেই জেদি, হাৰ মানিব নিবিচৰা মানসিকতা আৰু কথাত দৃঢ়তা।

 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in