/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a3e8acf5-debf-4acb-8945-685bc1976fe9/qatar.jpg)
আয়োজক কাটাৰৰ সন্মুখত ছেনেগাল
ডিজিটেল ডেস্কঃ ফুটবল মানেই অনুৰাগীৰ মনত আনন্দ,উত্তেজনা। মেচৰ শেষ বিন্দুলৈকে দৰ্শকৰ উত্তেজনা। ক্লাৱ পৰ্যায়ৰ মেচ কিম্বা লীগ পৰ্যায়ৰ মেচ মুঠতে অনুৰাগীৰ মনত সীমাহীন আনন্দ আৰু উত্তেজনাৰ পয়োভৰ।
তাতে আকৌ মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হৈছে এইবৰ্ষৰ বিশ্বকাপ ফুটবল। শুক্ৰবাৰে বিশ্বকাপৰ এখন মেচত ছেনেগালৰ বিপক্ষে অংশগ্ৰহন কৰিব আয়োজক দেশ কাটাৰে। পূৰ্বৰ মেচত ইকুৱেডৰ হাতত আয়োজক দেশখনে ২ গলত পৰাজয়বৰণ কৰিছিল। সেই অনুসৰি আজিৰ মেচখনত কাটাৰে ছেনেগালৰ বিৰুদ্ধে পূৰ্ণ শক্তিৰে খেলপথাৰত অৱতীৰ্ণ হ'ব।
উল্লেখ্য যে, আজিৰ মেচখন উভয় দলৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো পৰাজয় মানেই দুয়ো দলৰ বিশ্বকাপ অভিযানৰ পৰা বিদায়ৰ সংকেত ধ্বনি বাজি উঠাৰ শংকা। সেয়ে আয়োজক দেশ হিচাপে কাটাৰে পূৰ্ণ শক্তিৰে খেলপথাৰত নামিব। মেচৰ সময় সন্ধিয়া ৬-৩০ বজাত।
আৰু পঢ়কঃ বিভিন্ন দাবী উত্থাপন কৰি লামডিঙত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ