বিভিন্ন দাবী উত্থাপন কৰি লামডিঙত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে লামডিঙৰ পৌৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে ।
বিভিন্ন দাবী উত্থাপন কৰি লামডিঙত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,লামডিং: সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে লামডিঙৰ পৌৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে ।

পৌৰ কৰ্মচাৰী সমুহক চৰকাৰৰ আওতাত আনি চাকৰি সমুহ নিয়মীয়া কৰা, অনাদায় হৈ থকা দৰমহা আদায় দিয়া, হৰিজন শ্ৰমিক সকলক উপযুক্ত মৰ্য্যদা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী সমাধান কৰাৰ বাবে পৌৰ কৰ্মচাৰী সকলে এনেদৰে প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰী সকলে আজি পূৱাৰ ভাগৰপৰা লামডিঙ পৌৰ সভাৰ সন্মুখত অৱস্থান কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সব্যস্ত কৰি লামডিং পৌৰ সভাৰ কাৰ্য্যালয়ৰ কামকাজ অচল কৰি তোলে ।

প্ৰতিবাদী পৌৰ কৰ্মচাৰী সকলে জানিবলৈ দিয়া মতে পৌৰ কৰ্মচাৰী সকলে সমগ্ৰ ৰাজ্যতে স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰি অহাৰ পিচটো ৰাজ্য চৰকাৰে কৰ্মচাৰী সকলৰ দাবী সমুহৰ ওপৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহল ।

পৌৰ কৰ্মচাৰী সকলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ বাবে ইতিমধ্যে সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

ইয়াৰ পিছটো চৰকাৰখনে কৰ্মচাৰী সকলৰ সমস্যা সমধা নকৰাত উপায়ন্তৰ হৈ সদৌ অসম পৌৰ নিকাই কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে চাৰিদিনীকৈ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হয় ।

সেইমতে আজি অন্তিম দিনত এনেদৰে লামডিং অত প্ৰতিবাদ কৰি দাবীসমুহ সমাধানৰ বাবে আহ্বান জনাই প্ৰতিবাদকাৰী সকলে ।

আৰু পঢ়ক: সংঘত বাবুল বৰাৰ বিৰুদ্ধে জৰুৰী বৈঠক: ক'ত, কিয়...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in