ডিজিটেল ডেস্কঃ অসম-অৰুণাচল সীমান্তত অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। তিনিচুকীয়া আৰক্ষীক এক অভিযানত উদ্ধাৰ কৰা এই বিস্ফোৰক সামগ্ৰীৰ বিষয়ে এক্সৰ জৰিয়তে অৱগত কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।
সন্দেহ কৰা অনুসৰি উদ্ধাৰ হোৱা এই বিস্ফোৰক সামগ্ৰীখিনি কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ। এই বিস্ফোৰক সামগ্ৰীখিনিৰ ভিতৰত আছে এটা হেকলাৰ আৰু কোচ এছ এম জি, ১৩০ ৰাউণ্ড সক্ৰিয় গুলী, দুটা মেগজীন আৰু প্ৰায় এক কেজি বিস্ফোৰক পাউদাৰ।
এই সন্দৰ্ভত জি পি সিঙে টুইটাৰত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীৰ ফটো আপলোড কৰি লিখিছে এইদৰে- Continuing our efforts against unlawful weapon holding, One Heckler & Koch SMG, 130 rounds Ammunition, 2 magazines and approximately one KG PEK explosive powder recovered by Police in Tinsukia. Suspected of belonging to a proscribed organization active in Assam.
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বড়োভূমিৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিছে। এই বিষয়েও জি পি সিঙে এক্সৰ জৰিয়তে উল্লেখ কৰি আহিছে।