অপৰাধ সংঘটিত কৰাৰ ৮ মাহৰ ভিতৰতে শাস্তিমূলক ৰায়দান...

নাবালিকা ছাত্ৰীক শ্লীলতাহানি কৰাৰ গোচৰত অভিযুক্ত অপৰাধীক শাস্তিমূলক ৰায়দান
অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত বিজনী
অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত বিজনী

ডিজিটেল সংবাদ, চিৰাংঃ অপৰাধ সংঘটিত কৰাৰ ৮ মাহৰ ভিতৰতে চিৰাং জিলাৰ বিজনী মহকুমা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এগৰাকী নাবালিকা ছাত্ৰীক শ্লীলতাহানি কৰাৰ গোচৰত অভিযুক্ত অপৰাধীক শাস্তিমূলক ৰায়দান কৰে । বিজনী এলেকাৰ এগৰাকী ৭ম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা কৰা ই-ৰিক্সা চালক ছাহজাহান আলীক বিজনী মহকুমা আদালতৰ ন্যায়াধীশ ইউচুপ আজাজৰ আদালতে মঙ্গলবাৰে বিয়লি শিশুৰ যৌন নিৰ্যাতন আৰু সুৰক্ষা আইন-২০১২ (পকচো)ৰ ধাৰা ৮ অধীনত ৪ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে নগদ ১০ হাজাৰ টকাৰ জৰিমনা বিহে আৰু জৰিমনা অনাদায় অতিৰিক্ত ৪ মাহ কাৰাদণ্ডৰ ৰায়দান কৰে ।

লক্ষ্যনীয় বিষয় যে চলিত বৰ্ষৰ ২১ এপ্ৰিলত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে ঘৰৰ পিছফালে ছাগলী এৰাল দিবলৈ যোৱাৰ সময়তে লম্পট ছাহজাহান আলী নামৰ ই-ৰিক্সা চালক জনে নাবালিকা ছাত্ৰী গৰাকীক শ্লীলতাহানিৰ চেষ্টা চলায় । ছাত্ৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰ পাজৰৰ ৰাইজ ওলাই আহি পাষণ্ড ছাহজাহান আলীক কৰায়ত্ব কৰি উত্তম-মাধ্যম শোধায় বিজনী থানাৰ আৰক্ষীক চমজাই দিছিল।

পিছত বিজনী থানাত ৬৩/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু খুব সময়ৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে । সেইমতে আদালতত শুনানী আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু অপৰাধ সংঘটিত হোৱাৰ মাত্ৰ ৮ মাহৰ ভিতৰতে বিজনী মহকুমা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ৰায়দান কৰে ।

আজি আদালতৰ ৰায়দানৰ পিছত বিজনীৰ সচেতন লোকে ৰায়দান সন্দৰ্ভত কয় যে বিজনী আৰক্ষী থানাৰ ক্ষীপ্ৰ তদন্ত প্ৰক্ৰিয়া লগতে সময়ত অভিযোগনামা দাখিল কৰাৰ বাবেই আৰু বিজনী মহকুমা আদালতে ইমান সোনকালে শিশু যৌন নিৰ্যাতনৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰা পাষণ্ড জনক শাস্তি প্ৰদান কৰিব পাৰিছে । এই ৰায়দানে পৈশাচিক মানসিকতাৰ অপৰাধীসকলৰ বাবে এটা ডাঙৰ বাৰ্তা কঢ়িয়াই লৈ যাব যে অপৰাধ কৰিলে আইনৰ অধীনত শাস্তি ভোগ কৰিবই লাগিব।

উল্লেখ্য যে নিৰ্যাতিতা নাবালিকাগৰাকীৰ হৈ আদালতত যুক্তি দাঙি ধৰে চৰকাৰী অধিবক্তা জয়শ্ৰী ওৱাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in