মথুৰাপুৰ উঃমাঃ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী লাইখুঁটা স্থাপন

মথুৰাপুৰ উঃমাঃ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ  বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ কেইজনমান শিক্ষানুৰাগী তথা দূৰদৰ্শী  প্ৰচেষ্টাত ১৯৪৭ চনৰ ২০ আগষ্টত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে মহাৰজত জয়ন্তী বর্ষত সোমোৱাৰ পৰিপ্ৰেক্ষিতত অহা ২২ আৰু ২৩ জানুৱাৰীত দুদিনীয়াকৈ আড়ম্বৰপূৰ্ণ, বর্ণাঢ্য কাৰ্য্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিব লোৱা হৈছে।

এই উপলক্ষত আজি বিদ্যালয়ৰ প্ৰাংগণ ভকত বৈষ্ণৱ, গায়ন বায়ন তথা মাংগলিক ধ্বনিয়ে লাইখুঁটা স্থাপন কৰা হয় ৷ এই লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে মন্ত্ৰী যোগেন মহনে ৷ শিক্ষানুষ্ঠানখনৰ শিক্ষক- শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় গণ্য মান্য ব্যক্তি সকলৰ লগতে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা ৰাইজৰ উপস্থিতিত থকা লাইখুঁটা স্থাপন অনুষ্ঠানত সোনাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in