/asomiyapratidin/media/media_files/2025/06/25/240-2025-06-25-20-14-05.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পুনৰ উত্তপ্ত হৈ পৰিছে পৰ্বতঝোৰাৰ মঙ্গলাঝাৰ অঞ্চল। আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰ বিৰোধীতাৰে উত্তপ্ত হৈ পৰে অঞ্চলটো।
বুধবাৰে আবেলি ভাগত বন বিভাগৰ এটি দলে পাংখাদল অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদানৰ উদ্দেশ্যত পাংখাদল অঞ্চল প্ৰদৰ্শন কৰাৰ পিছতেই স্থানীয় আদিবাসী, ভূমি পুত্ৰ বড়ো আৰু গাৰো জনগোষ্ঠীয় ৰাইজে আদানী গ্রুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে প্ৰথমতে বাসবাৰীত এই তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যো-জা কৰাৰ পিছতেই বাসবাৰী ৰাইজে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল।
এই প্ৰকল্পটো পানীজানি অঞ্চলত হস্তান্তৰ কৰিব বিচাৰত পানীজানি গঞা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাত আকৌ গৰাইমাৰী অঞ্চলত লৈ যাব খোজাত তাতেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত আজি পুনৰ এই অঞ্চলত বন বিভাগৰ বিষয়া কৰ্মচাৰী অহাত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে প্রমোদ বড়ো গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, আদানী গ’ বেক, এই মাটি আমাৰ মাটি, এই মাটি এৰি দিয়া নহ’ব আদি শ্ল’গানেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে।