চতিয়াৰ উচ্ছেদিত সংখ্যালঘু অঞ্চলত আদৰ্শ গাঁও দেখি সন্তুষ্টি প্ৰকাশ বিধান সভাৰ পাব্লিক একাউণ্ট কমিটিৰ...

চতিয়াৰ উচ্ছেদিত সংখ্যালঘু অঞ্চলত আদৰ্শ গাঁও দেখি সন্তুষ্টি প্ৰকাশ বিধান সভাৰ পাব্লিক একাউণ্ট কমিটিৰ...

author-image
Asomiya Pratidin
New Update
চতিয়াৰ উচ্ছেদিত সংখ্যালঘু অঞ্চলত আদৰ্শ গাঁও দেখি সন্তুষ্টি প্ৰকাশ বিধান সভাৰ পাব্লিক একাউণ্ট কমিটিৰ...

চতিয়াৰ উচ্ছেদিত সংখ্যালঘু অঞ্চলত আদৰ্শ গাঁও দেখি সন্তুষ্টি প্ৰকাশ বিধান সভাৰ পাব্লিক একাউণ্ট কমিটিৰ...

ডিজিটেল সংবাদ চতিয়াঃ অসম বিধান সভাৰ পাব্লিক একাউন্ট কমিটিৰ ৯জনীয়া বিধায়কৰ দলে আজি চতিয়া সমষ্টিৰ চৌকিঘাটৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰে৷ কংগ্ৰেছী বিধায়ক তথা পাব্লিক একাউন্ট কমিটিৰ অধ্যক্ষ ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা দলটিৱে সমষ্টিটোৰ চৌকিঘাটৰ পৰা উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়া গটাইমাৰী চাপৰিও পৰিভ্ৰমণ কৰে৷

Advertisment

এই উদ্দেশ্যে চৌকিঘাটত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছী বিধায়ক ৱাজেদ আলি চৌধুৰীয়ে কয়, চতিয়া সমষ্টিত উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দি যি নিদৰ্শন দাঙি ধৰিছে তাৰ বাবে আমি বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছো৷ বিধায়ক পদ্ম হাজৰিকাই উচ্ছেদিত লোকসকলক এই গটাইমাৰী চাপৰি অঞ্চলত আদৰ্শ গাঁও স্থাপন কৰি অংগনবাড়ী কেন্দ্ৰ, বিশুদ্ধ পানী যোগান, শিক্ষা,বিদ্যুতকে ধৰি ৰাস্তা ঘাট উন্নয়নত গুৰুত্ব দি যি পদক্ষেপ লৈছে তাক লৈ আমি সন্তুষ্টি প্ৰকাশ কৰিছো৷

বিধায়ক পদ্ম হাজৰিকাৰ দৰেই ৰাজ্যৰ সকলো প্ৰান্ততেই উচ্ছেদিতসকলক চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ আমি দাবী জনাইছো৷ একেখন সভাতেই এ.আই.ইউ.ডি.এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঁঞাই কয়, চতিয়া সমষ্টিলৈ আহি আমাৰ ধাৰানাই সলনি হৈ গ'ল৷ উচ্ছেদিত লোকসকলক লৈ আমি পূৰ্ৱে যি ধাৰণা কৰিছিলো সেয়া সম্পূৰ্ণ বিপৰীত দেখা পাইছো৷

বিধায়ক পদ্ম হাজৰিকাই উচ্ছেদিত লোকসকলক পুন:সংস্থাপনেই নহয় কৰ্ম সংস্থাপনৰো দিহা কৰিছে ৷ উচ্ছেদিত লোকসকলক লৈ চতিয়া সমষ্টিৰ গটাইমাৰী চাপৰিত আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰি বিধায়ক পদ্ম হাজৰিকাই যি চানেকি দাঙি ধৰিছে সেই লৈ আমি অতিকৈ সুখী আৰু আনন্দিত৷

ৰাজনীতিৰ উৰ্দ্ধত থাকি মানৱীয় দৃষ্টিভংগীৰে বিধায়ক পদ্ম হাজৰিকাই যি কৰ্মসূচী যুগুত কৰিছে সেয়া অসমবাসীৰ বাবে আদৰ্শ আৰু প্ৰশংসনীয় হৈ থাকিব ৷ সভাৰ পূৰ্ৱে গটাইমাৰী আদৰ্শ গাঁৱত স্থাপন কৰা এটি বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে কংগ্ৰেছী বিধায়ক তথা বিধান সভাৰ পাব্লিক একাউন্ট কমিটিৰ অধ্যক্ষ ৱাজেদ আলি চৌধুৰীয়ে৷

ক্লিক কৰি পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বকোৰ তিনিগৰাকী নৃত্য শিল্পীলৈ শ্ৰেষ্ঠ শিল্পীৰ বটাঁ

চতিয়া অসম বিধানসভা