আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বকোৰ তিনিগৰাকী নৃত্য শিল্পীলৈ শ্ৰেষ্ঠ শিল্পীৰ বটাঁ

আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বকোৰ তিনিগৰাকী নৃত্য শিল্পীলৈ শ্ৰেষ্ঠ শিল্পীৰ বটাঁ
আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত বকোৰ তিনিগৰাকী নৃত্য শিল্পীলৈ শ্ৰেষ্ঠ শিল্পীৰ বটাঁ

ডিজিটেল সংবাদ ছমৰীয়া: চলিত বৰ্ষৰ ডিচেম্বৰৰ ২৬ আৰু ৩০ ডিচেম্বৰত NEV প্ৰাইভেট লিমিটেডৰ উদ্যোগত গুৱাহাটী শিল্পগ্ৰামত বিভিন্ন শিতানত আয়োজন কৰা হৈছিল দ্বিতীয় ইণ্টাৰনেছনেল কামাখ্যা ফেষ্টিভেল-২০২২। এই কামাখ্যা ফেষ্টিভেলত নৃত্য, গীত, বাদ্য আদি বিভিন্ন শিতানত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাত নৃত্য শিতানত অসমৰ বিভিন্ন প্ৰান্তৰ ১৪০ গৰাকী প্ৰতিযোগীৰ ভিতৰত কামৰূপ গ্ৰাম্যৰ বকো সমষ্টিৰ জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ পৰা ৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, এই ৯ গৰাকীৰ ভিতৰত তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৮৫ শতাংশ নম্বৰ লাভ কৰি শ্ৰেষ্ঠ নৃত্য শিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় আৰু বাকী ছয় গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম আৰুদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

শ্ৰেষ্ঠ নৃত্য শিল্পীৰ সন্মান কৰা নৃত্যশিল্পী তিনিগৰাকী ক্ৰমে-সিদ্ধান্ত চেত্ৰী (৮৫ শতাংশ),সুপ্ৰিয়া চেত্ৰী-(৮৫ শতাংশ), স্বস্তিকা ৰাভা-(৮৫ শতাংশ)। আনহাতে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা নৃত্যশিল্পীসকল ক্ৰমে-তৃপ্তিময়ী বড়ো- ৭৫ শতাংশ(প্ৰথম স্থান), জিজ্ঞাশ্ৰী দেবী-৭৪ শতাংশ (প্ৰথম স্থান), যুৱৰাজ দাস-৫০ শতাংশ (দ্বিতীয় স্থান),কৃষ্ণা দাস-৪৮ শতাংশ(দ্বিতীয় স্থান),হিয়া পাৰবীন -৪৭ শতাংশ(দ্বিতীয় স্থান)আৰু পাৰজুল আলি-৪৫ শতাংশ(দ্বিতীয় স্থান)।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in