জিঅ' বেগ স্থাপনত অনিয়মৰ অভিযোগত প্ৰতিবাদ...

জিঅ' বেগ স্থাপনত অনিয়মৰ অভিযোগত প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
জিঅ' বেগ স্থাপনত অনিয়মৰ অভিযোগত প্ৰতিবাদ...

জিঅ' বেগ স্থাপনত অনিয়মৰ অভিযোগত প্ৰতিবাদ

ডিজিটেল সংবাদ বান্দৰদেৱাঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পথালিপাহাৰৰ ২নং পিঠাগুৰিৰ ডিক্ৰং নদীত ৫ কোটি টকাৰে নিৰ্মাণ কৰা জিঅ' বেগ স্থাপনত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ফলত সদৌ লখিমপুৰ জিলা ছাত্র সন্থাৰ বিষয়ববীয়া, স্থানীয় ৰাইজে জলসম্পদৰ বিষয়া আৰু ঠিকাদাৰ ফৈদৰ সন্মুখতে তীব্ৰ ক্ষোভ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

Advertisment

জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰ লগতে বিহপুৰীয়া জলসম্পদৰ উপ সংমণ্ডল বিষয়াগৰাকী জিঅ' বেগ নিৰ্মাণস্থলীত উপস্থিত হয়। আছুৰ নেতৃবৰ্গৰ মতে জিঅ' বেগ স্থাপনত অনিয়ম বন্ধ নকৰিলে অনাগত দিনত আছুৱে ৰাইজৰ সহযোগত জংগী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু।

উল্লেখযোগ্য যে, নদীখনত ব্যৱহাৰ কৰা বহু জিঅ' বেগ ফাটি যোৱা অদক্ষ শ্ৰমিক নিয়োগ, য'ত খহনীয়া ত'ত জিঅ' বেগ স্থাপন নকৰা ইত্যাদি একাধিক অভিযোগত আজি পিঠাগুৰি অঞ্চলৰ ডিক্ৰং নদীৰ পাৰ আছু আৰু ৰাইজে একপৰকাৰ বিভাগীয় বিষয়াৰ সন্মুখত উত্তাল কৰি ৰাখে।

ক্লিক কৰি পঢ়কঃ ফেচবুক গোট সাহিত্যৰ জুহালে প্ৰকাশ কৰিলে কাব্য সংকলন...

জিঅ' বেগ