ফেচবুক গোট সাহিত্যৰ জুহালে প্ৰকাশ কৰিলে কাব্য সংকলন...

ফেচবুক গোট সাহিত্যৰ জুহালে প্ৰকাশ কৰিলে কাব্য সংকলন...

author-image
Asomiya Pratidin
New Update
ফেচবুক গোট সাহিত্যৰ জুহালে প্ৰকাশ কৰিলে কাব্য সংকলন...

ফেচবুক গোট সাহিত্যৰ জুহালে প্ৰকাশ কৰিলে কাব্য সংকলন

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সাম্প্ৰতিক সময়ত সাহিত্য চৰ্চাৰ এক সুলভ মঞ্চ হ'ল সামাজিক মাধ্যমৰ অনলাইন গোটসমূহ। সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰণৱ ঢেকিয়াল ফুকনে প্ৰতিষ্ঠা কৰা 'সাহিত্যৰ জুহাল' শীৰ্ষক ফেইচবুক গোট তেনে এক সাহিত্য চৰ্চাৰ উপযোগী মঞ্চ ।

Advertisment

এই গোটৰ দ্বাৰা প্ৰকাশিত 'সমকালীন অসমীয়া কবিৰ কবিতা" শীৰ্ষক এখনি গ্ৰন্থ অহা ১২ জানুৱাৰী তাৰিখে উন্মোচনৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ' শীতৰ উমেৰে ভোগালীৰ কবিতা" শীৰ্ষক এখনি কবি সন্মিলনৰ আয়োজন কৰা হৈছে।

উক্ত অনুষ্ঠানতে অসমৰ বিশিষ্ট কবি ভূপেন গগৈক 'সাহিত্যৰ জুহাল কাব্য সৌৰভ বঁটা', সাহিত্যিক-সমাজকৰ্মী দিলীপ কুমাৰ শৰ্মাক 'সাহিত্যৰ জুহাল সমাজ সৌৰভ বঁটা' আৰু কবি বিনোদ বৰাক 'সাহিত্যৰ জুহাল কাব্য প্ৰেৰণা বঁটা' প্ৰদাণ কৰা হ'ব। নিৰ্দিষ্ট বক্তা ৰূপে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ত্ৰিদীপ ভাগৱতী, উন্মোচক ৰূপে অধ্যাপক ড০ হিমান্ত বৰগোহাঁই, বিশিষ্ট অতিথিৰূপে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক ছৈয়দ পাৰবিজ হুছেইন উপস্থিত থাকিব।

এই অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনাৰে আয়োজক শিবাশীষ শৰ্মাই গোহাৰি জনাইছে।

ক্লিক কৰি পঢ়কঃ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত পাৰ্থ সাৰথি মহন্তৰ 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্কে' লাভ কৰিলে বিশেষ বঁটা

সাহিত্যৰ জুহাল কাব্য গ্ৰন্থ