/asomiyapratidin/media/media_files/2024/12/19/ICaGPh6o1jITvGYWlO4v.jpg)
ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃস্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ১৮ ডিচেম্বৰতগুৱাহাটীত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল । এই প্ৰতিবাদক প্ৰতিহত কৰিবৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল প্ৰতিবাদকাৰীৰ ওপৰত । কন্দুৱা গেছ নিক্ষেপৰ ফলত মত্যু হৈছিল মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মীৰ ।
এই ঘটনাৰ প্ৰতিবাদস্বৰূপে বৃহস্পতিবাৰে হাটশিঙিমাৰীত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় পত্ৰকাৰ সংঘৰ দক্ষিণ শালমাৰা মানকাচৰ সমিতিৰ সদস্য সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
অসমত প্ৰতিজন সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী সাংবাদিক সকলৰ । জিলা খনৰ প্ৰতিটো প্ৰান্তত সাংবাদিক সকলে আজি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । অনাগত দিনত এনে ঘটনা হ’লে সাংবাদিক সকল কলম এৰি ৰাজপথত বহিব বুলি জিলা খনৰ সাংবাদিক সকলে চৰকাৰক সকিয়নী প্ৰদান কৰে।