/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8a8922f6-1c4e-4425-937c-236a7b0baf20/dhemaji_protest_10.jpg)
অনুসূচিত জাতিৰ জাতিগত প্ৰমান পত্ৰ জালিয়াতিৰ বিৰুদ্ধে প্ৰতিবাদ
ডিজিটেল সংবাদ ধেমাজিঃ অনুসূচিত জাতিৰ জাতিগত প্ৰমান পত্ৰ জালিয়াতি কৰি অসম চৰকাৰৰ সংৰক্ষিত পদত নিযুক্তি লৈ চৰকাৰী সুবিধা গ্ৰহণ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈকে ২ ঘন্টাৰো অধিক সময় ধৰি অসম অনুসূচিত জাতি যুৱ- ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে ধেমাজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে ৷ কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়।
অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ সভাপতি মঞ্জু দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ডিব্ৰুগড় জিলাত পৰিবহন বিষয়া হিচাপে কৰ্মৰত ধেমাজি বৰদলনি ভকত গাওঁৰ সঞ্জীৱ হাজৰিকা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত চিলাপথাৰ চ'চায়েটি গাঁৱৰ অৰূপ দাস , ধেমাজি পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত কৰ্মৰত অভিযন্তা পবিত্ৰ দাসৰ অনুসূচিত জাতিৰ প্ৰমান পত্ৰ শীঘ্ৰেই নাকচ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে প্ৰত্যকেই বক্তব্য ৰাখে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/29c4698e-12c7-4231-89d9-1ea866e3d908/a1995d3a_681d_4043_82de_71bc25cba01d.jpg)
সভাৰ অন্তত প্ৰতিবাদকাৰীসকলে ধেমাজি উপায়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ যদি এই গণতান্ত্ৰিকভাৱে কৰা আন্দোলনৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত সন্থাই আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে ৷
ক্লিক কৰি পঢ়কঃ অংগনবাড়ী কৰ্মী, সহায়িকাৰ ধেমাজিত প্ৰতিবাদ...