/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0223693a-2c1b-480c-9930-633092492d8f/dhemaji_10.jpg)
অংগনবাড়ী কৰ্মী, সহায়িকাৰ সমস্যা সমাধানৰ দাবীত ধেমাজিত প্ৰতিবাদ
ডিজিটেল সংবাদ ধেমাজিঃ অংগনবাড়ী কেন্দ্ৰ একত্ৰিকৰন কৰা বন্ধ ৰখা, অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকাৰ এককালীন সাহাৰ্য্য অতিশীঘ্ৰেই আদায় দিয়া,মাননীৰ পৰিৱৰ্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰা আৰু পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা ইত্যাদি সমস্যা সমাধানৰ দাবীৰে ধেমাজি জিলাত আজি অংগবাড়ী কৰ্মী আৰু সহায়িকাই প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9ab695e1-801a-4ad2-bdbb-9a8bc2b0cf56/324da6d6_2625_48ca_9c92_4f874f3ae6e0.jpg)
জিলাখনৰ ধেমাজি ,মাছখোৱা, চিচিবৰগাঁও আৰু মুকংচেকসহ চাৰিটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ শতাধিক কৰ্মী আৰু সহায়িকাই বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ধেমাজি নগৰৰ ভৰালীচুকৰ বজাৰৰ সমীপৰ লিলি চিনেমা ওচৰৰ পৰা হাতে- হাতে বেনাৰ ,পোষ্টাৰ, প্লে'কাৰ্ড লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কাছাৰী ময়দানৰ ওচৰলৈকে সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ধেমাজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত কিছু সময় ধৰি প্ৰতিবাদেৰে উত্তাল কৰি তোলে।
কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্হাৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী মনিমালা গগৈ আৰু সাধাৰণ সম্পাদিকা জোনমনী শইকীয়াৰ স্বাক্ষৰিত এখনি পাঁচ দফীয়া স্মাৰকপত্ৰ ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ সঞ্চালকলৈ প্ৰেৰণ কৰে ৷
ক্লিক কৰি পঢ়কঃ পুনৰ জে এন ইউত দুই ছাত্ৰ গোটৰ মাজত সংঘাত...