জম্মু কাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ

জম্মু কাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
জম্মু কাণ্ডৰ বিৰোধিতাৰে বাইহাটা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, দুমুনিচকী: বুধবাৰে বাইহাটা চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল উত্তৰ কামৰূপ জিলাৰ অৰ্ধ শতাধিক কৰ্মীয়ে। জম্মুৰ ৰিয়াছি জিলাৰ কাটৰাস্থিত বৈষ্ণো দেৱী মন্দিৰলৈ শিৱখাৰী মন্দিৰৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছত উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ১০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা ঘটনাৰ বিৰোধিতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত ঘটনাত ৩২ গৰাকী তীৰ্থযাত্ৰী আহতও হৈছিল। এই ঘটনাই সমগ্ৰ দেশ জুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়ে আজি বিয়লি বাইহাটা চাৰিআলিত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: কামপুৰৰ গ্ৰাণ্টত এজন লোকৰ মৃতদেহ উদ্ধাৰ

Jammu attack baihata chariyali