/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বুধবাৰে নিশাৰ ভাগত কামপুৰৰ গ্ৰাণ্টত এটা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মিণ্টু বৰা (৫৫) নামৰ লোকজনৰ মৃতদেহটো পানীত পৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে।
উল্লেখ্য যে, লোক জনৰ ঘৰৰ কাষতে পানীত মৃতদেহটো পৰি থকা অৱস্থাত স্থানীয়ই আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Also Read: নগাঁৱৰ নাৰ্ছিং হ'মত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাৰ্ছৰ মৃতদেহ