/asomiyapratidin/media/media_files/2024/12/22/KVzA60UbJmRYZq6ysLwb.jpg)
cpsc
ডিজিটেল ডেস্ক : ২০২৪ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহৰ ৪৭ শতাংশ বাৰ্ষিক লাভ হৈছে। ২০২৩ বিত্তীয় বৰ্ষত এই লাভ ১৫ শতাংশ হ্ৰাস পাইছিল। ২৭২ টা ৰাজহুৱাখণ্ডৰ উদ্যোগে ২০২৪ত মুঠ ৩.২২ লাখ কোটি টকা লাভৰ মুখ দেখিছে।
সামগ্ৰীকভাৱে ২০২৪ বৰ্ষত তেল আৰু প্ৰাকৃতিক গেছ নিগমে সৰ্বাধিক ৪০,৫২৬ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। অ’ এন জি চিৰ পাছতে এই বৰ্ষটোত দ্বিতীয় স্থানত লাভ কৰা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান হৈছে- ইণ্ডিয়ান অইল।
২০২৩ বৰ্ষৰ তুলনাত ইণ্ডিয়ান অইলে ২০২৪ চনত ৩.৮ গুণ লাভ বৃদ্ধিৰে ৩৯,৬১৯ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। এই বছৰটোত সৰ্বাধিক লোকচানৰ সন্মুখীন হোৱা প্ৰতিষ্ঠান হৈছে- ভাৰত সঞ্চাৰ নিগম লিমিটেড। বি এছ এন এলৰ ২০২৪ বৰ্ষত লোকচানৰ পৰিমাণ ৫,৩৭১ কোটি টকা।
তাৰ পাছতে লোকচানৰ সন্মুখীন হোৱা আন এটা উদ্যোগ হ’ল ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড। এই প্ৰতিষ্ঠানটোৰ লোকচানৰ পৰিমাণ ৪,৮৪৯ কোটি টকা। উক্ত সময়ছোৱাত ৬৬টা তালিকাভুক্ত ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ বজাৰ মূলধন ১২১ শতাংশ বৃদ্ধি হৈ ৩৭.২৩ লাখ কোটি টকা হৈছেগৈ।