Advertisment

মায়ঙৰ পৰম্পৰাগত ৰজাৰ উপস্থিতিত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে সম্প্ৰীতিৰ শোভাযাত্ৰা

মায়ঙৰ পৰম্পৰাগত ৰজাৰ উপস্থিতিত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে সম্প্ৰীতিৰ শোভাযাত্ৰা

author-image
Asomiya Pratidin
New Update
মায়ঙৰ পৰম্পৰাগত ৰজাৰ উপস্থিতিত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে সম্প্ৰীতিৰ শোভাযাত্ৰা

ডিজিটেল সংবাদ, মায়ং : "অসমীয়া ভাষাটোক লৈ আমি যিদৰে গৌৰৱ কৰো, ভিতৰি ভিতৰি বহু শংকাও বুকুত বান্ধি লৈ ফুৰো। শেহতীয়াকৈ ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পিছতেই আমাৰ মনত থকা সেই শংকা নোহোৱা হ’ল।"

Advertisment

মায়ং আঞ্চলিক মহাবিদ্যালয়ত আয়োজন কৰা হৈছে ভাষা গৌৰৱ সপ্তাহ। এই উপলক্ষে শুকুৰবাৰে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে চৰকাৰীভাৱে উদযাপন কৰি থকা ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি আজি মৰিগাঁও  জিলা প্ৰশাসনৰ সহযোগত আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।  ৩ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অন্ত পৰিব ৯ নৱেম্বৰত।

সপ্তাহজোৰা কাৰ্যসূচী উদযাপনৰ লক্ষ্য হৈছে- অসমীয়া ভাষাৰ সমৃদ্ধি আৰু ইয়াৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ আৰু প্ৰসাৰ কৰা। শুকুৰবাৰে পুৱা ১০-০০ বজাত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰায় হাজাৰৰো অধিক লোকৰ অংশগ্ৰহণেৰে উলিওৱা হয় সম্প্ৰীতিৰ শোভাযাত্ৰা ।

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ কলিতাই শুভ উদ্বোধন কৰা শোভাযাত্ৰাত অসমৰ বৈচিত্ৰময় জাতীয় সাজ- পাৰ পৰিধান কৰি হাতে হাতে অসমীয়া ভাষাৰ ঐতিহ্য, গৌৰৱ সুঁৱৰি লিখা প্লেকাৰ্ড লৈ অংশগ্ৰহণকাৰীসকলে মায়ঙৰ তিনিখন গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰে।

শোভাযাত্ৰাত মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ, মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে। সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰা আজিৰ এই বৰ্ণিল শোভাযাত্ৰাই সমগ্ৰ মায়ং অঞ্চলটো মুখৰিত কৰি তোলে।

অসমীয়া ভাষা, কৃষ্টি- সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা থকা সকলো জাতি জনগোষ্ঠীৰ লোকে স্বতঃ স্ফুৰ্তভাৱে ওলাই আহি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হয় বহু ভাষিক কবিতা পাঠৰ অনুষ্ঠান ।

আজিৰ বহু ভাষিক কবিতা পাঠ অনুষ্ঠানত অসমীয়া, কাৰ্বি, নেপালী, বড়ো ভাষাৰ কেইবাটাও জনপ্ৰিয় কবিতা পাঠ কৰে বিশিষ্ট কবিসকলে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থকা কবিতাৰ অনুষ্ঠানত জাগীৰোড সমজিলা আয়ুক্ত বিমান দাস আৰু মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়েও কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

কবিতাৰ অনুষ্ঠান শেষ হোৱাৰ পিছতেই আৰম্ভ হোৱা মুকলি সভাত উপস্থিত থাকি মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে অসমীয়া ভাষাত এনে কিছুমান মধুৰ আৰু কোমল থলুৱা শব্দ আছে যিবোৰৰ প্ৰয়োগ দিনক দিনে কমি  গৈছে। সেই সৰু সৰু  শব্দবোৰ আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে অসমীয়া ভাষাটো বেছি শক্তিশালী হৈ থাকিব।

লগতে তেওঁ এই কথাও কয় যে ডাঙৰ ডাঙৰ শব্দ বাক্য লিখিলেই সাহিত্যক হ’ব নোৱাৰে। সাহিত্যত এনে শব্দ বাক্য প্ৰয়োগ কৰা উচিত যি সাহিত্য অসমৰ সকলো শ্ৰেণীৰ লোকে পঢ়িব পাৰে আৰু আদৰি ল’ব পাৰে। অধ্যাপক তথা আজিৰ অনুষ্ঠানৰ সমন্বয়ক ড০ উৎপল নাথে আঁত ধৰা মুকলি সভাখনৰ  আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ কলিতাই। শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যাপক ৰবিন কলিতাই।

উল্লেখযোগ্য যে  আজিৰ ভাষা গৌৰৱ সপ্তাহ উদযাপন কাৰ্যসূচীৰ সফল ৰূপায়ন কৰাত সহযোগিতা আগবঢ়াই মায়ং শাখা কবি সন্মিলন, শাখা সাহিত্য সভা আৰু অসম  আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ মায়ং শাখাই । মুকলি সভাত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষণ নাথ, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা, মৰিগাঁও জিলা নেপালী সাহিত্য সভাৰ সভাপতি সাগৰ দুংগেল, চন্দ্ৰপুৰ শাখা সাহিত্য সভাৰ ধীৰেন বসুমতাৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদৰ উপদেষ্টা মণ্ডলীৰ সদস্য শৈলেন্দ্ৰ পাণ্ডেকে ধৰি  অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি  উপস্থিত থাকে।

Also Read: উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পূৰ্বৰ পৰিচয় অটুট থাকিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

ভাষা গৌৰৱ