Advertisment

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পূৰ্বৰ পৰিচয় অটুট থাকিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পূৰ্বৰ পৰিচয় অটুট থাকিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পূৰ্বৰ পৰিচয় অটুট থাকিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে প্ৰদান কৰিলে এক ঐতিহাসিক ৰায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত সাতজনীয়া বিচাৰপীঠে প্ৰদান কৰা ৰায়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সংখ্যালঘু বিশ্ববিদ্যালয় হিচাপে মান্যতা দিয়ে।

Advertisment

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰৰ উপৰিও এই বিচাৰপীঠত আছিল- ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ জে বি পাৰ্ডিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰ, ন্যায়াধীশ দিপাংকৰ দত্ত, ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা। বিশ্ববিদ্যালয়খনক সংখ্যালঘুৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানিৰ অন্তত ৪জন ন্যায়াধীশে বিশ্ববিদ্যালয়খনৰ সপক্ষে আৰু ৩জনে ইয়াৰ বিপক্ষে মত পোষণ কৰে।

উল্লেখযোগ্য যে সংবিধানৰ ৩০ নং অনুচ্ছেদৰ আধাৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সংখ্যালঘু প্ৰতিষ্ঠান হিচাপে মান্যতা দিয়া হয়। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনত ৫০ শতাংশ সংখ্যালঘু ছাত্ৰ- ছাত্ৰীৰ বাবে আসন সংৰক্ষিত পূৰ্বৰ নিয়ম বাহাল থাকিব।

Also Read: পাক যুৱতীৰ দাবী, ট্ৰাম্প মোৰ পিতৃ...

supreme court Aligarh Muslim University