Advertisment

শুৱালকুছিত চিত্ৰাংকন প্ৰতিযোগিতাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ...

শুৱালকুছিত চিত্ৰাংকন প্ৰতিযোগিতাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃহস্পতিবাৰে বঁটা বিতৰণ কৰা হয় । উল্লেখযোগ্য যে ১৪ নৱেম্বৰত অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাজোঃ  শুৱালকুছিত চিত্ৰাংকন প্ৰতিযোগিতাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃহস্পতিবাৰে বঁটা বিতৰণ কৰা হয় । উল্লেখযোগ্য যে ১৪ নৱেম্বৰত অনুষ্ঠিত হৈছিল চিত্ৰাংকন প্ৰতিযোগিতা ।

Advertisment

উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকে তৃণমূল কংগ্ৰেছ অসমৰ মুখ্য সমন্বয়ক দুলু আহমেদ,দলৰ সভাপতি ৰমেন বৰঠাকুৰৰ লগতে সাংসদ সুস্মিতা দেৱ ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি দুলু আহমেদে মন্তব্য কৰে যে কাইলৈ অসম জাতীয় পৰিষদৰ কার্যলয়ত তলা লাগিব আৰু জাকে জাকে জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগ দিব। তেওঁ লগতে অখিল গগৈ বদৰুদ্দিনৰ নকল কপি বুলিও উল্লেথ কৰে ।

লক্ষণীয় যে হাজো, শুৱালকুছি,ৰঙিয়া, বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয় এই অনুষ্ঠানত । শুৱালকুছি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠান । সঞ্জীৱ মহন্ত আৰু চিচিৰ কলিতাই আঁত ধৰা সভাত দলৰ কেইবা জনো নেতা কৰ্মীয়ে অংশ লয়।

উল্লেখযোগ্য এই সকল উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ফেব্ৰুৱাৰী মাহত দাৰ্জিলিং ভ্ৰমণৰ ব্যৱস্থা কৰি দিব দুলু আহমেদে।

দুলু আহমেদ sualkuchi