/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bf7c5e77-6976-4901-aeeb-8f781b1936e7/priyam_23.jpg)
ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত প্ৰিয়ম বৰাৰ সোণৰ পদক...
ডিজিটেল সংবাদ বেবেজীয়াঃ ৰাজস্থানৰ উদয়পুৰৰ বিদ্যা নিকেতনত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত প্ৰিয়ম বৰাৰ সাফল্য। বিদ্যা ভাৰতীৰ ১১ টা ক্ষেত্ৰৰ ১৫ খন ৰাজ্যৰ পৰা মুঠ ২৯৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ ৰিদমিক শাখাত সোণৰ পদক আৰু দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰিছে নগাঁও বিভাগৰ তেলিয়াগাওঁ নিকেতনৰ প্ৰিয়ম বৰাই।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত পূৰ্বোত্তৰ ক্ষেত্ৰই প্ৰথমবাৰৰ বাবে সোণৰ পদকসহ সৰ্বমুঠ ৬ টা পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত পূৰ্বোত্তৰ ক্ষেত্ৰৰ ফলাফল হ'ল- এটা সোণৰ পদক, ৩টা ৰূপৰ পদক আৰু ২ টা ব্ৰঞ্জৰ পদক।
প্ৰিয়ম বৰাই আজি নগাঁৱলৈ আহিয়েই নিজ নিকেতনখনিত উপস্থিত হোৱাৰ লগে-লগে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। নিকেতনৰ প্ৰধান আচাৰ্য, সমূহ আচাৰ্য, আচাৰ্যা তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰিয়মক ফুলাম গামোচা, ফুলৰ মালা আদিৰে শুভেচ্ছা আৰু অভিনন্দন জনাই শোভাযাত্ৰা কৰি নিকেতনৰ মূল প্ৰাৰ্থনা গৃহলৈ লৈ যায়।
প্ৰধান আচাৰ্যই প্ৰিয়ম বৰাৰ পিতৃ-মাতৃকো নিকেতনৰ পৰা এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰিয়ম বৰাৰ বিষয়ে সকলোকে অবগত কৰে। প্ৰিয়ম বৰাই তেওঁৰ এই সফলতাৰ বাবে পিতৃ- মাতৃ আৰু নিকেতনৰ সমূহ আচাৰ্য আচাৰ্যাই কৰা কষ্টৰ কথা সোঁৱৰে। বিশেষকৈ নিকেতনৰ যোগাচাৰ্য শংকৰ দেৱনাথে দিয়া জ্ঞানৰ কাৰণে এই সফলতা কঢ়িয়াবলৈ সফল হোৱা বুলিও প্ৰিয়ম বৰাই সভাক অৱগত কৰে।
ক্লিক কৰি পঢ়কঃ নগাঁও কলা মন্দিৰত একাংকিকা নাট প্ৰতিযোগিতাৰ শুভাৰম্ভ...