ফাট বিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাঃ এইবাৰৰ বাজেট ৩৫ লাখ টকা..

ফাট বিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাঃ এইবাৰৰ বাজেট ৩৫ লাখ টকা..

author-image
Asomiya Pratidin
New Update
ফাট বিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাঃ
এইবাৰৰ বাজেট ৩৫ লাখ টকা..

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ দেওবাৰে লোক উৎসৱ ফাট বিহুৰ অগ্ৰগতি সন্দৰ্ভত ঢকুৱাখনা ফাট বিহু বাকৰিত এক সংবাদমেল অনুষ্ঠিত কৰে ফাট বিহু সমিতি আৰু উদযাপন সমিতিয়ে। সংবাদমেলখনত ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া, সম্পাদক ভাস্কৰ দাস,উপ সভাপতি ৰঞ্জিত সন্দিকৈ, সহকাৰী সম্পাদক চন্দ্ৰজিত শইকীয়া,উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ,সম্পাদক ভবেন্দ্ৰজিত গগৈ উপস্থিত থাকে।

Advertisment

অসমীয়া জাতিৰ স্বাভিমানী লোক সাংস্কৃতিক মহোৎসৱ ফাটবিহু। বিশ্বায়নৰ কৰাল গ্ৰাসৰ পৰা নিলগাই ৰাখি আধুনিকতাৰ পৰশ নপৰাকৈ শতিকা জুৰি ঢকুৱাখনাবাসীৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে লোক সম্পদ ফাটবিহু। চলিত বৰ্ষৰ ২৮,২৯ আৰু ৩০ ব'হাগ (১০ ,১১আৰু ১২ মে')ত ফাট বিহু অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈছে। ফাট বিহু সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে প্ৰায় ৩৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰি মুঠ ১০খন উপ সমিতিয়ে নিৰবিচ্ছিন্ন হাৰত নামি পৰিছে।

সংবাদমেলত ফাট বিহুৰ কাৰ্যসূচী ঘোষণা কৰে। অন্তিম দিনৰ মুখ্য কাৰ্যসূচী বৰেণ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিব অভিনেত্ৰী প্ৰীতি কংকনাই।ইয়াৰ পাছতেই অনুষ্ঠিতব্য ফাট বিহুৰ একক আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট লোক সংস্কৃতিৰ সাধক যোৰহাটৰ দিগন্ত গগৈয়ে।ফাট বিহু স্থায়ী মঞ্চত বিয়লি অনুষ্ঠিত হব লগা মুকলি সভা উদ্বোধন কৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই।

মুকলি সভাত মুখ্য অতিথি হিচাবে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু,সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী ৰাজনৈতিক ব্যক্তি উপস্থিত থাকিব। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে ঢোলৰ ওজা সোমনাথ বৰাই অংশগ্ৰহণ কৰিব।

ইপিনে ১০মে'ৰ ফাট বিহুৰ প্ৰথম দিনৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পাছতে মঞ্চ উদ্বোধন কৰিব প্ৰবীণ শিক্ষাবিদ ডঃ গিৰীণ গগৈয়ে।ইয়াৰ পাছতে টকা বিহু উদ্বোধন কৰিব শিক্ষাবিদ দুলু শইকীয়া আৰু চেমনীয়া বিহু উদ্বোধন কৰিব বিশিষ্ট বয়স্ক বিহুৱা ললিত গগৈয়ে। ফাটবিহুৰ দ্বিতীয় দিনা পুৱা বিহু বাকৰিত কপৌফুল ৰোপণ পৰ্বৰ শুভাৰম্ভ কৰিব জ্যেষ্ঠ নাগৰিক,অৱসৰপ্ৰাপ্ত শিক্ষাবিদ গন্ধেশ্বৰ গগৈয়ে।

ইয়াৰ পাছতে বিহু বাকৰিত থলুৱা শিপিনী সকলৰ মাজত অনুষ্ঠিতব্য গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব লোক সংস্কৃতিৰ কৰ্মী সপোন ভূঞা চুতীয়াই। দুপৰীয়া  বিহু দল সমূহলৈ আদৰণি জনোৱাৰ পাছতে সকলো জাতি জনগোষ্ঠীৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হব।গোগামুখৰ এন চি ডি কলেজৰ অধ্যক্ষ সুৰজিত দলেয়ে উদ্বোধন কৰিব লগা এই প্ৰতিযোগিতাৰ পাছতে ফাট বিহুৰ বছেৰেকীয়া প্ৰকাশ তথা এই লোক উৎসৱৰ মুখপত্ৰ "বিহুৱান" উন্মোচন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনে।

স্মৰ্তব্য যে ঢকুৱাখনাৰ প্ৰয়াত সমাজহিতৈষী,শিক্ষাবিদ,সাহিত্যসেৱী ৰেৱত চন্দ্ৰ গগৈৰ সশ্ৰদ্ধ স্মৃতিত গগৈৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিয়াইছে ২০২৪ বর্ষৰ ফাট বিহুৰ মুখপত্ৰ "বিহুৱান"। ফাট বিহু সমিতিৰ সম্পাদক ভাস্কৰ দাস আৰু ফাট বিহু উদযাপন সমিতিৰ সম্পাদক ভবেন্দ্ৰজিত গগৈয়ে লোক সংস্কৃতিপ্ৰেমী ৰাইজক অসমীয়া জাতীয় মহোৎসৱৰ কেউটা দিনৰ সমূহ কাৰ্যসূচী জাতীয় সাজ পাৰ পৰিধানেৰে আহি মহঘুলি চাপৰিৰ প্ৰকৃতিৰ বিনন্দীয়া বাকৰিত উপভোগ কৰাৰ বাবে নিমন্ত্ৰণী শৰাই আগবঢ়ায়।

উল্লেখযোগ্য যে জাতীয় সাজপাৰ পৰিধান নকৰাকৈ আগমন ঘটা বিহুপ্ৰেমী ৰাইজৰ সুবিধাৰ বাবে ফাট বিহুৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত এখন জাতীয় সাজ পাৰৰ বিপনী উপলব্ধ কৰিব বুলি সংবাদমেলত জানিব দিয়ে। উক্ত বিপনিত পুৰুষ মহিলা সকলোৰে বাবে সুকীয়া পিন্ধন কোঠাৰো ব্যৱস্থা কৰা হব বুলি ফাট বিহু সমিতিয়ে জানিবলৈ দিয়ে।

Also Read: কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

dhakuakhana lakhimpur bihu fat bihu