কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

কাছাৰত ৯.৫ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
কাছাৰত  ৯.৫ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। শনিবাৰে নিশা অভিযান চলাই লক্ষীপুৰ আৰু ধলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। আৰক্ষীয়ে দুটা বেলেগ স্থানৰ পৰা মুঠ ১ কেজি ৮০০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।‌

Advertisment

জব্দাকৃত হেৰ'ইনখিনিৰ মূল্য ৯.৫ কোটি বুলি জানিব পৰা গৈছে। আনহাতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, নিশা ধলাই আৰক্ষীয়ে নাকা চেকিং চলোৱাৰ সময়ত এখন বলেৰ' বাহনৰ তেলৰ টেংকিৰ পৰা ৭৪ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ১.০৩৬ গ্ৰাম হেৰʼইন জব্দ কৰা লগতে ৰাজিবুল ইছলাম লস্কৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীয়ে হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা কাছাৰৰ‌ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইফালে লক্ষীপুৰৰ পালেৰবন্দৰ পৰাও আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। লক্ষীপুৰৰ SDPO পাৰ্থ প্ৰতীম দুৱৰাৰ নেতৃত্বত বাচকান্দি আৰক্ষীয়ে এখন বাইকত তালাচী চলাই ৫৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ৭০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দাকৃত হেৰ'ইনৰ মূল্য কেবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বামিম লস্কৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

Also Read: ভোগদৈ নদীত অবৈধভাৱে বালি খনন

cachar news Cachar Police cachar drugs