সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত  আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ প্ৰতিক্ৰিয়া

পৰিকল্পিত চক্ৰান্তৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিলে আহোম লেণ্ড বিছৰাৰ দাবী উত্থাপনৰ হুংকাৰ -বৃহস্পতিবাৰে শিৱসাগৰত এই বিস্ফোৰক সকিয়নি উজনি অসমৰ চাৰিটাকৈ শক্তিশালী জনগোষ্ঠীয় সংগঠনৰ ৷
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত  আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,শিৱসাগৰঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব ৷যদিহে পৰিকল্পিত চক্ৰান্তৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত খিলঞ্জীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিলে আহোম লেণ্ড বিছৰাৰ দাবী উত্থাপনৰ হুংকাৰ -বৃহস্পতিবাৰে শিৱসাগৰত এই বিস্ফোৰক সকিয়নি উজনি অসমৰ চাৰিটাকৈ শক্তিশালী জনগোষ্ঠীয়  সংগঠনৰ ৷

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰাৰ পিছতেই বিভিন্ন স্তৰত ইয়াকে লৈ সৰৱ চৰ্চা, ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই কালি সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম সেনা, টাইপা আৰু টাই সাহিত্য সভাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

শিৱসাগৰৰ শিৱদ’ল প্ৰাংগণত আয়োজিত চাৰি জনগোষ্ঠীয় সংগঠনৰ আলোচনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা সংগঠন কেইটাই অভিযোগ উত্থাপন কৰি কয় যে, শিৱসাগৰ  সমষ্টিকে ধৰি উজনি অসমৰ বহু সমষ্টিত পুনৰ নিৰ্ধাৰণৰ ফলত আহোম জনগোষ্ঠী ক্ষতি হোৱাৰ তীব্ৰ শংকা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৪ জানুৱাৰীত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে স্পৰ্শকাতৰ বিষয়টোৰ সম্পৰ্কত এখন গুৰুত্বপুৰ্ণ  নাগৰিক সভাৰ আহ্বান কৰিব ৷

ইফালে প্ৰায় ডেৰহাজাৰ কোটি টকা ব্যয় কৰাৰ পিছতো এখন শুদ্ধ NRC  নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে৷  আহোম সেনাৰ অংকুৰণ ফুকন, আটাছুৰ বসন্ত গগৈ, টাইপাৰ দিগন্ত তামুলী আৰু টাই সাহিত্য সভাৰ হৈ অংশ গ্ৰহণ কৰা প্ৰদীপ বৰগোহাইয়ে কয় যে, ৰাজ্য চৰকাৰে প্ৰকৃতাৰ্থত কেন্দ্ৰীয়  চৰকাৰৰ ওচৰত আঁঠু লৈছে ৷

লগতে কয় যে, আহোমৰ দুৰ্গ খুমটাইক বিলুপ্ত কৰাৰ লগতে আহোম ৰাজত্বৰ পৃষ্ঠভূমি তথা ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বৰ্ণীল অধ্যায় বুকুত সাৱতি ৰখা ঐতিহাসিক ৰাজধানীৰ চহৰ ৰূপে পৰিচিত  শিৱসাগৰ সমষ্টিত আহোম জনগোষ্ঠীৰ  আধিপত্য,অস্তিত্ব চিৰদিনলৈ বিলুপ্ত কৰাৰ গভীৰ ষড়যন্ত্ৰৰ অংশৰূপে আহোম জনগোষ্ঠীক ৰাজনৈতিকভাবে নি:শেষ কৰাৰ চক্ৰান্তত লিপ্ত হৈছে দুয়োখন  চৰকাৰ ৷ যদিহে সময় থাকোতেই আহোম জনগোষ্ঠীক নি:শেষ কৰাৰ চক্ৰান্ত বন্ধ নকৰে তেন্তে  উজনি অসমক কেন্দ্ৰ কৰি ৰংপুৰ ৰাজ্য বা আহোম লেণ্ডৰ দাবী উত্থাপনৰ সংগ্ৰাম কৰাৰ বিকল্প নাথাকিব বুলি আহোম সেনাৰ সৰ্বাধিনায়ক অংকুৰণ ফুকনৰ ৷

একে সময়তে আহোমৰ ৰাজনৈতিক অধিকাৰ নি:শেষ কৰিবলৈ কৰা চক্ৰান্ত বন্ধ নকৰিলে অসম উত্তাল কৰাৰ হুংকাৰ প্ৰদান কৰে আটাছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈৰ৷  সংবাদ মেলত আহোম অধ্যুষিত অঞ্চলত টাই আহোমক নিশকটীয়া কৰিব বিচৰা কাৰ্য যদিহে চৰকাৰে  বন্ধ নকৰে তেনেহ'লে সমগ্ৰ  উজনি অসমৰ প্ৰশাসন ব্যৱস্থাক সম্পূৰ্ণৰূপে অচল কৰি দিয়াৰ হুংকাৰ প্ৰদাণ কৰে  টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমষ্টি নিৰ্ধাৰণক লৈ আগন্ত দিনত শিৱসাগৰ উত্তপ্ত হোৱাৰ আশংকা ঘৰ্ণীভূৰ্ত হৈ পৰিছে ৷

আৰু পঢ়ক: দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ট, কৰা হ'ব প্লাষ্টিক চাৰ্জাৰী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in