মায়ঙৰ বুৰাবুৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি...

মায়ঙৰ বুৰাবুৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি...
মায়ঙৰ বুৰাবুৰী মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ মায়ংঃ ১৯৭৩ চনতে স্থাপিত মৰিগাঁও জিলাৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বুৰাবুৰী মাধ্যমিক বিদ্যালয়খনে এইবাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি  দিছে। সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে।

ৰাইজে ককালত টঙালি বান্ধিছে উৎসৱটি উলহ মালহেৰে উদযাপনৰ বাবে। সেই অনুসৰি ১০ জানুৱাৰীত অনুষ্ঠিত হ'ব শুভাৰম্ভণি অনুষ্ঠান। পুৱা ৯ বজাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিপুল দাসে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দেবেন্দ্ৰনাথ বৰা প্ৰমুখ্যে অঞ্চলৰ ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰিব।

একেদৰে অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ সৰকাৰে ছহিদ বেদী উন্মোচন কৰাৰ লগতে সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল চন্দ্ৰ দাস প্ৰমুখ্যে কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকে স্মৃতি তৰ্পণ কৰিব। আন এজন কাৰ্যকৰী সভাপতি ছামছুদ্দিন আহমেদ আৰু ৮ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰিব।

আনহাতে পুৱা ১০ বজাত উলিয়াব লগীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই। উল্লেখযোগ্য যে, জলসম্পদ মন্ত্ৰী তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পীযুষ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকিব মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা।

বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে আদৰণি ভাষণ আগবঢ়াবলগীয়া সভাখনত মুখ্য অতিথি ৰূপে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালী উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি ৰূপে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰ শইকীয়া, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি শৰ্মা উপস্থিত থাকিব।

আনহাতে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক সন্ধিয়াত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস প্ৰমুখ্যে কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব বুলি সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি সম্পাদক  জানিবলৈ দিয়ে। সেইদিনাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনাইছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল চন্দ্ৰ দাস, ছামছুদ্দিন আহমেদ, সম্পাদক হবিবুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি সহদেৱ বিশ্বাস আৰু সম্পাদক নজৰুল ইছলামে।

ইতিমধ্য ১৬ খন কৈ উপ-সমিতিয়ে দিনে ৰাতিয়ে কাম কৰি আছে। শুভ উদ্বোধনী অনুষ্ঠানৰ দিনা পুৱাৰ ভাগত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ কৃষ্টি, সংস্কৃতি, সভ্যতা সমূহ প্ৰদৰ্শন কৰাৰ বাবে ব্যাপক আয়োজন চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in