ঢকুৱাখনা মহাবিদ্যালয়ৰ চতুৰ্থ সংখ্যক  প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ প্ৰস্তুতি

ঢকুৱাখনাবাসী শিক্ষাব্রতী ৰাইজৰ নিৰন্তৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত ১৯৬৬ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল ঢকুৱাখনা মহাবিদ্যালয়খনে ।
ঢকুৱাখনা মহাবিদ্যালয়ৰ চতুৰ্থ সংখ্যক  প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাবাসী শিক্ষাব্রতী ৰাইজৰ নিৰন্তৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত ১৯৬৬ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল ঢকুৱাখনা মহাবিদ্যালয়খনে । বৃহত্তৰ ঢকুৱাখনাৰ জ্ঞান ,প্ৰজ্ঞা ,সমাজ, সংস্কৃতিৰ লগতে বৌদ্ধিক সাধনাৰ প্ৰধানতম পৃষ্ঠভূমি হিচাবে বিগত বৰ্ণিল পৰিক্ৰমাত পৰিচিতি লাভ কৰি অহা মহাবিদ্যালয়খনৰ চতুৰ্থ সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ উদ্যোগত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহখন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি তুংগত উঠিছে। 

অহা ১০ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহৰ প্ৰথম কাৰ্যসূচী পৰিবেশ নিকাকৰণ , গছপুলি ৰোপণ ,পতাকা উত্তোলন , শ্বহীদ তৰ্পণৰ  পৰৱৰ্তী সময়ত মুকলি সভা অনুষ্ঠিত হ'ব । ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই উদ্বোধন কৰিব লগা মুকলি সভাত সভাপতিত্ব কৰিব প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সংস্থাৰ  সভাপতি চিত্ৰ কুমাৰ কোঁচে ।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ আদৰণি ভাষনেৰে শুভাৰম্ভ হব লগীয়া সভাত সমাৰোহৰ মুখপত্ৰ "তীৰ্থ সংগম"উন্মোচন কৰিব প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড়ৰ টেঙাখাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ যতীন্দ্ৰ নাথ গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাবে প্ৰাক্তন ছাত্ৰ , তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ সূৰ্য চুতীয়া উপস্থিত থাকিব ।

বিধায়ক নৱ দলে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লগা সভাত বিয়লি প্ৰাক্তন ছাত্ৰী , উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ বিউটি গগৈ আৰু সংবাদকৰ্মী বশিষ্ট দেৱ ফুকনৰ সঞ্চালনাত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব।  মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই দিনজোৰা কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ উপস্থিতি আৰু অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছে মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাই ।

আৰু পঢ়ক: ৰহস্য ফাদিল! প্ৰেমজনিত কাৰণত আত্মহত্যা কৰিছিল মেধাৱী ছাত্ৰী গৰাকীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in