/asomiyapratidin/media/media_files/2025/01/15/1L6uPBoxZf1PkxVJiO9K.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বছৰৰ দৰে এইবাৰো চিলাপথাৰত অনুষ্ঠিত হ'ব তাই আহোম সকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফী। তাই আহোম ছাত্ৰ সন্থাৰ চিলাপথাৰ,বেতনিপাম আৰু মালিনীপুৰ আঞ্চলিকৰ উদ্যোগত বেতনীপাম হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী ।
এই উপলক্ষে বিশিষ্ট সমাজকৰ্মী তিলক ফুকনক সভাপতি,ৰঞ্জিত গোহাঁইক কাৰ্যকৰী সভাপতি, মনোজ দুৱৰা,ৰাজেন ফুকন, দেৱজিৎ বৰা, ৰোহিনী দিহিঙ্গীয়া,লক্ষ্মী গগৈ,বিমল গগৈ,শশী দিহিঙীয়াক কাৰ্যকৰী সভাপতি,ৰাকেশ গগৈক সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখন শক্তিশালী আয়োজক সমিতি।
বেতনিপামবাসী ৰাইজৰ সহযোগত আয়োজন কৰা উৎসৱৰ লাই খুঁটা আজি বেতনিপাম হাইস্কুলৰ খেলপথাৰত মাংগলিক নিয়মৰ মাজেৰে স্থাপন কৰা হয়। এই অঞ্চলটোৰ ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সমৰ্থনে অনুষ্ঠানটি আটকধুনীয়া আৰু সাফল্যমণ্ডিত কৰি তুলিব বুলি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা আৰু সমাজকৰ্মী তিলক ফুকনে মন্তব্য আগবঢ়োৱাৰ লগতে সমূহ জাতি-বৰ্ণক সহায়- সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই।
অনুষ্ঠানত উপস্থিত থাকে মলুং সুনন্দা বৰগোহাঁই,বেনুধৰ চেতিয়া, উত্তম চেতিয়া,নৃত্য দিহিঙ্গীয়া, যতীন দিহিঙ্গীয়া আৰু চন্দ্ৰ কমল চাংমাই, তাই আহোম ছাত্ৰ সন্থাৰ বিপুল চেতিয়া,অনুপম খনিকৰ, দিব্যজ্যোতি ফুকন, সমীৰন বৰুৱা,দেৱজিৎ খনিকৰ, ৰাতুল গগৈ,প্ৰকাশ গগৈ,ডেনি গগৈ আদিৰ লগতে মৃদঙীয়া দল,স্থানীয় যুৱক সংঘৰ কৰ্মকৰ্তাৰ লগতে বহু স্থানীয় ৰাইজ ।