হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সভা...

সভাত এখন আহ্বায়ক সমিতি গঠন কৰি অহা ২৫ ডিচেম্বৰত অঞ্চলৰ সকলো ৰাইজৰ উপস্থিতত এখন সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সভা...

মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সভা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সভা। ১৯৪৮ চনত স্থাপিত হোৱা নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ৭৪ বছৰ অতিক্ৰম কৰিছে।

সেয়ে আগন্তুক ২০২৩ বৰ্ষত গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে বিদ্যালয়খনত বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী অনুষ্ঠিত হ'ব জানিবলৈ দিয়ে। আয়োজক সমিতিয়ে জনোৱা অনুসৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তী উদযাপনৰ সন্দৰ্ভত শনিবাৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, প্রাক্তন শিক্ষাৰ্থী সকলক লৈ এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়।

বিদ্যালয়ৰ সভাগৃহত প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ নাগৰিক যতীন চন্দ্ৰ বৰা সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদেশ্যে ব্যখ্যা কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰহিমা খাতুনে। সভাত মহাৰজত জয়ন্তী উদযাপনৰ সন্দৰ্ভত আগন্তুক দিনত প্রচাৰ, আন্তঃগাঁথনি, পুজি সংগ্রহ, স্মৃতিগ্ৰন্থ, সাংস্কৃতিক কাৰ্যসূচী আদি বিভিন্ন বিষয়ৰ ওপৰত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পৰাগধৰ শইকীয়া, ধীৰসিং পাটৰ, নৱকমল ৰাজা, কৃষ্ণ নাথ, লাচিত বৰদলৈ, বুধেন বৰা, প্ৰফুল্ল নাথ, ৰোহিনী বৰা, ৰমেশ বৰা, প্ৰবীন কলিতা, জয়ন্ত পাৰ্থ বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে মন্তব্য প্ৰদান কৰে।

আজিৰ সভাত এখন আহ্বায়ক সমিতি গঠন কৰি অহা ২৫ ডিচেম্বৰত অঞ্চলৰ সকলো ৰাইজৰ উপস্থিতত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আৰু পঢ়কঃ পাহৰণিৰ গৰ্ভত ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিওৱা ১৫ গৰাকী মহীয়সী নাৰী...

nagaon assam