পাহৰণিৰ গৰ্ভত ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিওৱা ১৫ গৰাকী মহীয়সী নাৰী...

সমগ্ৰ ভাৰতবৰ্ষৰ পৰিকাঠামো স্বৰূপ পৱিত্ৰ সংবিধানখনি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত প্ৰস্তুত হৈ উঠিছিল । যাৰ বাবে ২৬ নৱেম্বৰৰ দিনটো দেশজুৰি পালন কৰা হয় সংবিধান দিৱস ৰূপে ।

author-image
Asomiya Pratidin
New Update
পাহৰণিৰ গৰ্ভত ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিওৱা ১৫ গৰাকী মহীয়সী নাৰী...

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতবৰ্ষৰ পৰিকাঠামো স্বৰূপ পৱিত্ৰ সংবিধানখনি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত প্ৰস্তুত হৈ উঠিছিল । যাৰ বাবে ২৬ নৱেম্বৰৰ দিনটো দেশজুৰি পালন কৰা হয় সংবিধান দিৱস ৰূপে । এই পৱিত্ৰ সংবিধান খনি প্ৰস্তুত কৰি তোলা হৈছিল ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত । কিন্তু ইয়াৰ সৈতেই জড়িত হৈ আছিল ৩৮৯ জনীয়া এটি বৃহৎ দল । সততেই পুৰুষতান্ত্ৰিক ভাৱ-ধাৰাৰে আগবাঢ়ি অহা সমাজখনত তাহানিতেই ১৫ গৰাকী মহীয়সী নাৰীয়ে সংবিধানখনি প্ৰস্তুত কৰি তোলাত আগবঢ়াইছিল অপৰিসীম অৱদান । 

Advertisment

এই ১৫ জনীয়া দলটোৰ প্ৰত্যেকগৰাকীয়েই আছিল ভাৰতৰ বিভিন্ন প্ৰদেশৰ বিধান সভা সমষ্টিৰ সদস্যাও । কিন্তু আজি পাহৰণিৰ গৰ্ভত সংবিধান প্ৰস্তুত কৰি তোলা এই নাৰীসকল...

বাল্য বিবাহ, জাতি, বৰ্ণ, ধৰ্মৰ অসমতা, বিধৱা জীৱন, প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অৱহেলা এই সকলোৰে সৈতে যুঁজি বিধান সভাত স্থিতপ্ৰজ্ঞ হৈ থিয় দিছিল এই ১৫ গৰাকী মহীয়সী নাৰীয়ে ।

এই ১৫ গৰাকী নাৰী আছিল ক্ৰমে আম্মু স্বামীনাথন, দক্ষয়নী ভেলায়ুধান, বেগম আইজাজ ৰাছুল, দুৰ্গাবাই দেশমুখ, হংসা জীভৰাজ মেহতা, কমলা চৌধুৰী, লীলা ৰয়, মালতি চৌধুৰী, পুৰ্ণিমা বেনাৰ্জী, ৰাজকুমাৰী অমৃত কৌৰ, ৰেণুকা ৰায়, সৰোজিনী নাইডু, সুচেতা কৃপলানি, বিজয়ালক্ষ্মী পণ্ডিত আৰু এনী মাচকাৰেন ।

আৰু পঢ়ক : পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত নামঘৰে- নামঘৰে ন-খোৱা অনুষ্ঠান...

india Indian constitution