অংকীয়া ভাওনাৰ স্বকীয়তা আৰু ঐতিহ্যক চৰ্চা আৰু অনুশীলনৰ এক মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস...

সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ বাবে মাজুলীৰ খাট পথাৰত ব্যাপক প্ৰস্তুতি : চাৰিটাকৈ অস্থায়ী নামঘৰত একেলগে অনুষ্ঠিত হ'ব চাৰিখনকৈ ভাওনা।
অংকীয়া ভাওনাৰ স্বকীয়তা আৰু ঐতিহ্যক চৰ্চা আৰু অনুশীলনৰ এক মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস...

ডিজিটেল সংবাদ, মাজুলী : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্ট অংকীয়া ভাওনাই অসমৰ মাটিত এক অনন্য নাট্য পৰম্পৰাৰ পাতনি মেলিছিল। যি পৰম্পৰা আজি পৰ্যন্ত একেই প্ৰাসংগিকতা তথা জনপ্ৰিয়তাৰেই অসমীয়া নাট্য সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে।

কিন্তু বৰ্তমান সময়ত অসমত অংকীয়া শৈলীৰ ভাওনাৰ বিপৰীতে মাতৃভাষা ভাওনাৰহে সমাৰোহ, প্ৰতিযোগিতা সমূহ সততে অনুষ্ঠিত হৈ থকাৰ সময়তে অংকীয়া ভাওনাৰ স্বকীয়তা আৰু ঐতিহ্যক চৰ্চা আৰু অনুশীলনৰ এক মঞ্চ সৃষ্টি কৰা আৰু জনগণক অংকীয়া নাটৰ ৰসাস্বাদন কৰোৱাৰ অভিপ্ৰায়েৰে মাজুলীৰ চামগুৰি সত্ৰ (প্ৰাচীন)ৰ খাট পথাৰত অহা ৬,৭ আৰু ৮ জানুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰিছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ।

খাট পথাৰত ইতিমধ্যে প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱা চাৰিটাকৈ নামঘৰত একেলগে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ প্ৰদৰ্শনী মূলক ভাওনাৰ সম্পূৰ্ণ কাৰ্যসূচী ঘোষণা কৰিছে সমাৰোহ উদযাপন সমিতিয়ে। আজি খাট পথাৰৰ সমাৰোহ উদযাপন থলীত অনুষ্ঠিত এখন সংবাদমেলত সদৌ অসম অংকীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তাৰানাথ মহন্তই সম্বোধন কৰি ঘোষণা কৰা সমাৰোহৰ কাৰ্যসূচী অনুসৰি ব্যতিক্ৰমী ৰূপত এভাগ মণিকূটক কেন্দ্ৰ কৰি নিৰ্মান সম্পূৰ্ন হোৱা চাৰিভাগ নামঘৰত গুৰু, দেৱ, নাম, ভকত এই চাৰি নামেৰে বংশীধৰ আতা, হৰিদাস বণিয়া আতৈ, পৰমানন্দ আতৈ আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সোঁৱৰণী নামঘৰত একে সময়তে প্ৰদৰ্শন হব চাৰিখন ভাওনা।

ভাওনা সমাৰোহ ক্ষেত্ৰ খন সমন্বয়ৰ মিলন ক্ষেত্ৰ কৰি তুলিবৰ বাবে চাৰিভাগ নামঘৰতে প্ৰতিদিনে পুৱা ভিন্ন সম্প্ৰদায়ৰ ভকত বৈষ্ণৱ তথা আই সকলে নাম প্ৰসংগ কৰিব বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ সভাপতি তাৰানাথ মহন্তই। ঘোষিত কাৰ্যসূচী অনুসৰি অহা ৬ জানুৱাৰীৰ পুৱা ৬ বজাত উষা কীৰ্ত্তন, ৬.৩০বজাত আইসকলৰ নাম, ৭.৩০বজাত খোল প্ৰসংগ, ৮ বজাত নাম প্ৰসংগ, ৯ বজাত পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পন, ১০বজাত ২০০০ গৰাকী মহিলাৰ দিহানাম পৰিৱেশন আৰু ১১ বজাত সমাৰোহৰ উদ্বোধনী অনুষ্ঠিত হ'ব।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে সমাৰোহ খনি উদ্বোধন কৰিব ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। সমাৰোহত লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৎ উপাচাৰ্য ড° নিৰোদ বৰুৱা আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা।

বিয়লি ২ বজাত প্ৰদৰ্শনী দ্বাৰ উদঘাটন,৪ বজাত ৫৭৪ সংখ্যক গুৰু জয়ন্তী উপলক্ষে ৫৭৪ গছি বন্তি প্ৰজ্বলন, সন্ধ্যা ৬.৩০ বজাৰ পৰা বোকাবিল মিচিং গাৱৰ ৰামবিজয়, নাৰায়ণপুৰৰ ৰুক্মিণী হৰণ,চামগুৰি সত্ৰৰ মূখা ভাওনা, আৰু ভোগপুৰ সত্ৰৰ ৰামবিজয় ভাওনা একেসময়তে আৰম্ভ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in