ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ

ডিজিটেল ডেস্ক : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত তাণ্ডৱ দুৰ্বৃত্তৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । কেৱল ইয়াতেই ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে শ্ৰাদ্ধৰ বাবে নিমন্ত্ৰণ জনোৱা পুৰোহিত সকলকো শাৰীৰিকভাৱে প্ৰহাৰ কৰে । নিৰীহ পুৰোহিত সকলে সমগ্ৰ ঘটনাৰাজিত অপ্ৰস্তুত হৈ পৰে যদিও পৰৱৰ্তী সময়ত পলায়ন কৰিবলৈ বাধ্য হয় উক্ত স্থানৰ পৰা ।

আনহাতে, বিপ্লৱ দেৱৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ ওপৰিও নিকটৱৰ্তী অঞ্চলৰ দোকান-পোহাৰ আদিও লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তৰ দলটোৱে । আন দলৰ দলীয় পতাকা তথা বাহনটো অগ্নি সংযোগ কৰা দলটি ভাৰতীয় জনতা পাৰ্টীৰ মন্তব্য অনুসৰি, চি পি আই (এম) ৰ সমৰ্থিত ব্যক্তিৰ ।

উল্লেখ্য যে, শ্ৰাদ্ধৰ বাবে অহা পুৰোহিত সকলৰ ভাষ্য অনুসৰিও, দুৰ্বৃত্তৰ দলটোৱে চি পি এম ৰ সমৰ্থনৰ কথা উল্লেখ কৰিছিল ঘটনাস্থলীত ।

এতিয়া প্ৰশ্ন হয়, এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ এগৰাকীৰ বাসগৃহত অগ্নি সংযোগ কৰা এটি গুৰুতৰ অভিযোগ । কিয়নো বাসগৃহটিত কেৱল দলীয় আৰু আদৰ্শগত মতানক্য থকা ব্যক্তি জনেই নহয় বৰং আন বহু লোক উপস্থিত আছিল । যি হিংসা, দ্বেষৰ জুই দেশত এসময়ত সোঁপন্থী দলৰ লোকসকলে আৰম্ভ কৰিছিল সেই জুই এতিয়া উভতি আহিছে সোঁপন্থী দলৰ বাবেই । ৰাজনীতিৰ বাহিৰৰ জগত খনক এই সকল লোকে কাহানিবা চিনি পাব নে ? নে এই ঘৃণা, হিংসাৰ জুইত সমগ্ৰ দেশ জ্বলি-পুৰি চাৰখাৰ হ'ব লাগিব দল, আদৰ্শ নিৰ্বিশেষে ৰাজনীতিবিদ সকলৰ লালসাত ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in