/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/74ffb978-91f7-48c7-86d7-72485a0c6f51/ghilamara.jpg)
ঘিলামৰাত প্ৰাক্ ভোগালী বিহুৰ "উত্তৰণ অসমী মেলা" আৰম্ভ
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত থলুৱা উদ্যোগী মহিলা আত্মসহায়ক গোটসমূহৰ স্ব-উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিপণনৰ এক অস্থায়ী ক্ষেত্ৰ শনিবাৰে মুকলি কৰা হয় ঘিলামৰাত। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ঘিলামৰা আৰু ঢকুৱাখনা খণ্ড প্ৰকল্প পৰিচালনা গোটৰ সৌজন্যত আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱন চৌহদত "উত্তৰণ অসমী মেলা"ৰ মুখ্য দ্বাৰৰ ফিটা কাটি শনিবাৰে শুভ উদ্বোধন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7c89175b-6f81-42da-8e8f-d2ad4bc9904c/f4fd3c37_0798_486a_904c_a14e145e4ac0.jpg)
ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ৪০ টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰা মেলাৰ উদ্বোধনী সভাত ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকা , বিধায়ক নৱ দলেৰ প্ৰতিনিধি ব্রজ কুমাৰ দলে , প্ৰণৱজিত গগৈ, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই , জিলা প্ৰকল্প প্ৰবন্ধক ড০ দীপিকা পেগু , ঢকুৱাখনা উন্নয়ন খণ্ডৰ ব্লক প্ৰকল্প সমন্বয়ক বিজয় কৃষ্ণ কোঁচ,ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক জীনা দত্ত , নৰোত্তম কোঁচ, খণ্ড সমন্বয়ক গায়ত্ৰী বৰুৱা , ৰিনকী মণি শীল , চিকিৎসা বিষয়া ডাঃ জ্যোতি প্ৰসাদ বৰুৱা, স্বাস্থ্য কৰ্মী ৰেবতী গোঁহাই , সমাজ কৰ্মী পূৰ্ণানন্দ দত্ত ,ৰীতা সোণোৱাল , হিৰণ্য হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4d4fe013-6030-421e-a4fc-ca558544c115/6810272d_4f7a_4535_94d6_ffb3c343caf8.jpg)
মেলাৰ সতে সংগতি ৰাখি ঢকুৱাখনা উন্নয়ন খণ্ড বনাম ঘিলামৰা উন্নয়ন খণ্ডৰ জীৱিকা সখী ,কৃষি সখী সকলৰ মাজত থলুৱা পৰম্পৰাগত ৰছী টনা খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলা দেওবাৰে সমাপ্তি ঘটিব।
আৰু পঢ়কঃ শৃংখলা দখলৰ যুঁজত ভাৰত-শ্ৰীলংকা