/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8f218ae2-1bf7-4c8d-bfe9-f760c5d14a10/ind_vs_sl.jpg)
শৃংখলা দখলৰ যুঁজত ভাৰত-শ্ৰীলংকা
ডিজিটেল ডেস্কঃ যেন পূৰ্বৰ ছন্দলৈ ঘুৰি আহিছে সিংহলী বাহিনী। কুমাৰ ছাংগাকাৰা,মাহেলা জয়ৱৰ্ধনে,তিলকৰত্নে দিলছান,মুধিয়া মুৰুলীথৰণ আদিৰ দৰে তাৰকাই যেতিয়া অগা-পিছাকৈ শ্ৰীলংকা দলৰ পৰা অৱসৰ লৈছিল,তেতিয়াই যেন বেলি মাৰ গৈছিল শ্ৰীলংকান ক্ৰিকেট দলটোৰ।
বিভিন্ন সময়ত বিভিন্ন মহলৰ পৰা সমালোচিত হৈছিল শ্ৰীলংকাৰ ক্ৰিকেট দলটো। বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত তুলনামূলকভাৱে কম শক্তিশালী দলসমূহৰ লগত যোগ্যতা অৰ্জনৰ মেচ খেলিবলগীয়া হৈছিল সিংহলী বাহিনীয়ে। সকলো তিক্ততা,বাধা নেওচি যেন দলটো পুনৰ স্বাভাৱিক অৱস্থালৈ আহিছে তাৰ উমান ভাৰতৰ বিপক্ষে দ্বিতীয়খন টি-২০ মেচত পোৱা গ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f9c499ba-3ae6-4de6-897e-c8d1ae72cc0f/download.jpg)
তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত শ্ৰীলংকাই ভাৰতক ১৬ ৰানত পৰাস্ত কৰে। উল্লেখ্য যে, প্ৰথমখন মেচতো ভাৰতে আলহী দলটোৰ বিৰুদ্ধে কাণে কাণ মাৰিহে বিজয়ী হৈছিল। তাৰেই সুবাদতে ১-১ৰ সমতা স্থাপন কৰি আজি হ'ব দুয়ো দলৰ শৃংখলা জয়ৰ বাবে নিৰ্ণায়ক মেচ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fb4cdf6d-0ae7-450c-bb55-fea75c56fe67/download.jpg)
যিটো দলে জয়লাভ কৰিব সেইটো দলে বছৰটোৰ আৰম্ভণীতে শৃংখলা দখল কৰিব। এই সুযোগ হেৰুৱাব নিবিচাৰে ডাচুন চানাকা নেতৃত্বাধীন সিংহলী বাহিনীয়ে। অৱশ্যে শৃংখলা জয়ৰ বাবে প্ৰবল দাবীদাৰ ভাৰতো। কিয়নো দ্বিতীয়খন মেচৰ ভুলৰ পৰা শিক্ষা লৈ খেলপথাৰ নামিব হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন ভাৰত।
আৰু পঢ়কঃ পুনৰ আৰক্ষীয়ে আটক কৰিলে ভিক্টৰ দাসক